চীনত নিৰ্মিত মিছাইল ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই

আক্ৰমণৰ সময়ছোৱাত চীনত নিৰ্মিত মিছাইল ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই। কিন্তু ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল ঘৰুৱাভাৱে নিৰ্মিত আকাশ মিছাইল। পাকিস্তানী আক্রমণৰ পূৰ্বানুমান পাই সক্রিয় কৰা হৈছিল এয়াৰ ডিফেন্স ছিষ্টেম।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পাকিস্তানৰ পাপৰ পাত্ৰ ভৰি গৈছে

পাকিস্তানৰ পাপৰ পাত্ৰ ভৰি গৈছে

ডিজিটেল ডেস্ক : অপাৰেচন সিন্দূৰ সন্দৰ্ভত ৩ সেনাবাহিনীৰ ডিজিয়ে সোমবাৰে সম্বোধন কৰিলে এখন বিশেষ সংবাদমেল। নৌসেনা, স্থলসেনা আৰু বায়ুসেনাই যুটীয়াভাৱে আয়োজন কৰা সংবাদমেলত উপস্থিত থাকে ডিজিএমঅ’ ৰাজীৱ ঘাই, ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু এয়াৰ মাৰ্শ্বেল এ কে ভাৰতী। সংবাদমেলত সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান সন্দৰ্ভত কৰে কেইবাটাও গুৰুত্বপূৰ্ণ। "আমাৰ এই যুঁজ কেৱল সন্ত্রাসবাদীৰ বিৰুদ্ধে" বুলি উল্লেখ কৰি কয় যে, "পাকিস্তানী সৈন্যৰ বিৰুদ্ধে আমাৰ যুঁজ নহয়, আমাক প্রত্যুত্তৰ দিবলৈ বাধ্য কৰিছিল পাকিস্তানী সেনাই।"

Advertisment

আনহাতে, "পাকিস্তানী সেনাৰ লোকচানৰ বাবে পাকিস্তানী সেনাই দায়ী" বুলি উল্লেখ কৰি "পাকিস্তানী সেনাই সন্ত্রাসবাদীৰ পক্ষত থিয় দিছে" বুলিও কৰে গুৰুত্বপূৰ্ণ মন্তব্য। "পাকিস্তানৰ পাপৰ পাত্ৰ ভৰি গৈছে, পুনৰ যুদ্ধ হ'লে অত্যাধুনিক ধৰণেৰে হ'ব" বুলি উল্লেখ কৰে ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে।

এই আক্ৰমণৰ সময়ছোৱাত চীনত নিৰ্মিত মিছাইল ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই। কিন্তু ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল ঘৰুৱাভাৱে নিৰ্মিত আকাশ মিছাইল। পাকিস্তানী আক্রমণৰ পূৰ্বানুমান পাই সক্রিয় কৰা হৈছিল এয়াৰ ডিফেন্স ছিষ্টেম। পাকিস্তানৰ প্রতিটো আক্রমণ বিফল হৈছিল এই এয়াৰ ডিফেন্স ছিষ্টেমৰ সন্মুখত। আনকি ধ্বংস কৰা হৈছিল পাকিস্তানৰ এয়াৰ ডিফেন্স ছিষ্টেম। তাৰ লগতে ধ্বংস কৰা হৈছিল পাকিস্তানৰ PL 15 যুদ্ধ বিমান। সংবাদমেলতে নুৰখান বায়ু সেনাৰ ঘাটি ধ্বংস কৰাৰ চিত্র প্রকাশ কৰিলে সেনাই। 

আনহাতে, পাকিস্তানৰ বিৰুদ্ধে এই যুঁজত বিএছএফৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভতো সংবাদমেলত কৰে উল্লেখ। ইফালে, পাকিস্তানী সেনাক ৰুধিবলৈ সম্পূৰ্ণ সষ্টম হৈ আছে নৌ সেনা। যুদ্ধৰ সময়ছোৱাত শত্রু পক্ষৰ সেনাক দূৰতে ৰাখিছিল ভাৰতীয় নৌ সেনাই। পাকিস্তানৰ সেনাৰ জাহাজ ওচৰলৈ আহিবলৈ দিয়া নাছিল ভাৰতীয় নৌ সেনাই।

একেদৰে, তুৰ্কীৰ অথবা অন্য যিকোনো ড্রোণ ধ্বংস কৰিবলৈ সক্ষম হল ভাৰতীয় সেনা। সংবাদমেলত ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমক হানি কৰাতো অসম্ভৱ বুলিও স্পষ্ট কৰি দিয়ে। ইফালে ভাৰত পৰৱৰ্তী মিছনৰ বাবে সম্পূৰ্ণৰূপে সাজু বুলিও কৰে উল্লেখ। যিকোনো সময়ত যিকোনো স্থানত প্রত্যাক্রমণ কৰিবলৈ সাজু ভাৰতীয় সেনা।

ভাৰত-পাকিস্তান পাকিস্তান ৰাজীৱ ঘাই