ভৰষা নাই চীনৰ ওপৰত! এইবাৰ আমেৰিকাৰ ভৰিত পৰিছে পাকিস্তান...

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ ধৰাশায়ী হৈছিল পাকিস্তানী মিছাইল ডিফেন্স চিষ্টেম। পাকিস্তানে এই সকলো সামগ্ৰী ক্ৰয় কৰিছিল চীনৰ পৰা। যুদ্ধৰ এনে সামগ্ৰীক লৈ চীনে পাকিস্তানক দিয়া

author-image
Asomiya Pratidin
New Update
chjj

ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ ধৰাশায়ী হৈছিল পাকিস্তানী মিছাইল ডিফেন্স চিষ্টেম। পাকিস্তানে এই সকলো সামগ্ৰী ক্ৰয় কৰিছিল চীনৰ পৰা। যুদ্ধৰ এনে সামগ্ৰীক লৈ চীনে পাকিস্তানক দিয়া ৰামঠগনৰ পাছতে পাকিস্তানে যেন শিক্ষা ল'লে। শেহতীয়াকৈ পাকিস্তানে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, তেওঁলোকে  আৰু চীনৰ পৰা ক্ৰয় নকৰে যুদ্ধ সামগ্ৰী।

Advertisment

চীনৰ পিছতে পাকিস্তানৰ পছন্দ হৈছে আমেৰিকা। যুদ্ধ সামগ্ৰী ক্ৰয়ৰ বাবে এতিয়া আমেৰিকাৰ কাষ চাপিছে পাকিস্তান। পাকিস্তানৰ সেনা প্ৰধান আৰু উধৰ্তম বহুকেইগৰাকী সেনা বিষয়াই আমেৰিকা ভ্ৰমণৰ সময়চোৱাতে এই বিষয়ক লৈ আলোচনা কৰিছে। উক্ত আলোচনাৰ আঁত ধৰিয়েই বৰ্তমান আমেৰিকা ভ্ৰমণত থকা পাকিস্তান বায়ু সেনা প্ৰধানগৰাকীয়ে ঘোষণা কৰিছে এই কথা।

উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ বায়ু সেনা প্ৰধানগৰাকীয়ে এই বিষয়ক লৈ আমেৰিকান সেনাৰ মুখ্য কাৰ্যালয় পেন্টাগনত বৈঠকত বহিছে। আমেৰিকাৰ পৰা পাকিস্তানে এফ-১৬ ফাইটাৰ, এয়াৰ ডিফেন্স চিষ্টেমৰ দৰে যুদ্ধ সামগ্ৰী ক্ৰয় কৰাৰ চিন্তা কৰিছে। অৱশ্যে এতিয়ালৈকে আমেৰিকাই পাকিস্তানক এই বিষয়ক লৈ নিশ্চিতি প্ৰদান কৰা নাই। 

 

অপাৰেচন সিন্দুৰ