/asomiyapratidin/media/media_files/2025/05/13/xvBGJRJFVwlwyFJu4xeT.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ যুদ্ধকালীন পৰিস্থিতিত পাকিস্তানৰ ১১গৰাকী জোৱান মৃত্যু হোৱাৰ লগতে ৭৮গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে। নিহত হোৱা ৫গৰাকী সৈতে বায়ু সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়া। পাকিস্তানৰ সেনা বাহিনীৰ তৰফৰ পৰা এই তথ্য শেহতীয়াকৈ ৰাজহুৱা কৰা হৈছে।
পাকিস্তানৰ কোন কোন সৈনিক আৰু বিষয়া মৃত্যু হৈছে তাৰ তথ্য নামসহ ৰাজহুৱা কৰিলে পাকিস্তানে। পাকিস্তানে ৰাজহুৱা কৰা অনুসৰি নিহত হোৱা পাক সেনাৰ জোৱানসকল হৈছে- আব্দুল ৰহমান, দিলাৱৰ খান, ইকামুল্লা খালিদ, মহম্মদ আদিল আকবৰ, নিছান মাৰে।
আনহাতে ভাৰতৰ আক্ৰমণত মৃত্যু হোৱা পাক বায়ু সেনাৰ উচ্চ পদস্থ বায়ু সেনা বাহিনীৰ বিষয়াসকল হৈছে- ওছমান ইউছুফ, ঔৰংগজেল, নজীৱ, ফাৰুক আৰু মুছাব্বীৰ। পাক সেনা বাহিনীৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি, ভাৰতে দাবী কৰাৰ দৰে পাকিস্তানৰ বিস্তৰ কোনো ক্ষতি হোৱা নাই।
সংবাদমেলত পাক সেনা তৰফৰ পৰা দাবী কৰা হয় যে, পাকিস্তানী সেনাই ভাৰতকো যোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰে।