/asomiyapratidin/media/media_files/2025/06/21/operation-sindhu-21-2025-06-21-12-13-43.jpg)
ডিজিটেল ডেস্কঃ যুদ্ধ বিধ্বস্ত ইৰাণৰ পৰা স্বদেশলৈ ঘূৰাই অনা ভাৰতীয় নাগৰিকৰ আন এটা দল আজি পুৱাই আহি নতুন দিল্লীত উপস্থিত হয়। তেওঁলোকক ইৰাণৰ পৰা পথেৰে তুৰ্কেমেনিস্তানলৈ আনি তাৰ পৰা বিমানেৰে ভাৰতলৈ লৈ অনা হৈছে।
দিল্লী বিমান বন্দৰত এইসকল লোকে উপস্থিত হোৱাৰ পিছতে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁলোকে বিমান বন্দৰত অবতৰণ কৰাৰ পিছতে ‘ভাৰতা মাতা কি জয়’ শ্লোগানো দিয়া শুনিবলৈ পোৱা গৈছে।
বিমান বন্দৰতে সংবাদ মাধ্যমৰ আগত ইৰাণৰ পৰা অহা এগৰাকী যুৱতীয়ে কয়, চৰকাৰৰ কৃপাত আমাক তেওঁলোকে বহু সহায় কৰিলে। আমাক ভাৰতলৈ ঘূৰাই আনিলে। এই এই চৰকাৰক লৈ সুখী।
ফাতিমা বেগম নামৰ এগৰাকী যুৱতীয়ে কয়, আমাক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে মই সুখী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ। হোটেল আৰু খাদ্যকে ধৰি সকলো সুবিধাৰ ব্যৱস্থা কৰা হ’ল। আমি কোনো সমস্যাৰ সন্মুখীন নহ’লো, নিৰাপদে নিজৰ দেশলৈ উভতি আহিলো।
এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত ইৰাণৰ পৰা অহা ফাজিল নাকভিয়ে ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীসকলক ধন্যবাদ জনাইছে। তেওঁ কয়, আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছো আমাক নিৰাপদে উদ্ধাৰ কৰিলে। ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীয়ে বহুত সহায় কৰিলে। আমি মোডী চৰকাৰক লৈ সুখী, আৰু আমি সকলোৱে বিচাৰো যে মোডী চৰকাৰে এনেদৰে কাম কৰি যাওক।"
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনোৱা মতে, এতিয়ালৈকে অপাৰেচন সিন্ধুৰ অধীনত ইৰাণৰ পৰা ৫১৭ জন ভাৰতীয় নাগৰিকক ভাৰতলৈ ঘূৰাই আনিছে। তেওঁ উল্লেখ কৰে যে ২১ জুনত তুৰ্কমেনিস্তানৰ আছগাবাটৰ পৰা এখন বিশেষ বিমান নতুন দিল্লীত উপস্থিত হয়।
ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ইৰাণৰ পৰা ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনাৰ বাবে অপাৰেচন সিন্ধু আৰম্ভ কৰিছে । এক্সৰ এটা পোষ্টত জয়ছৱালে কয়, অপাৰেচন সিন্ধু অব্যাহত আছে। তুৰ্কমেনিস্তানৰ আছগাবাটৰ পৰা এখন বিশেষ বিমান ২১ জুন তাৰিখে ৩ বজাত নতুন দিল্লীত অৱতৰণ কৰিছে। এই বিমানখনত, ইৰাণৰ পৰা ভাৰতীয়ক ঘৰলৈ লৈ আহিছে।