/asomiyapratidin/media/media_files/2025/07/19/435-2025-07-19-08-27-30.jpg)
ডিজিটেল সংবাদ, বজালী : বজালীৰ পুঠিমাৰী গাঁৱত শুকুৰবাৰে নিশা ৰাইজৰ সহযোগত বজালী আৰক্ষীয়ে চলাই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। এই অভিযানত ৪ কাৰ্টুনতকৈ অধিক সুৰা জব্দ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সামাজিক পৰিবেশ বিনষ্ট হৈ আহিছিল সুৰাৰ বাবে। পিছত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি পুঠিমাৰীৰ ভাস্কৰ দাস নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই ভিন্ন ব্ৰেণ্ডৰ চাৰি কাটুৰ্ন অবৈধভাৱে মজুত ৰখা সুৰা জব্দ কৰে।
ইতিমধ্যে ভাস্কৰ দাসে পলায়ন কৰে যদিও সৰুপেটা আৰক্ষীয়ে তেওঁৰ পত্নীক আটক কৰি থানালৈ লৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us