পেহেলগামৰ দৰেই অমৰনাথ যাত্ৰীৰ ওপৰত আক্ৰমণৰ লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ...

২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰা সন্ত্ৰাসবাদীয়ে পুনৰ অনুৰূপ ধৰণে অমৰনাথ যাত্ৰীৰ ওপৰত আন এক আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল।

author-image
Tushar Pratim
New Update
পেহেলগামৰ দৰেই অমৰনাথ যাত্ৰীৰ ওপৰত আক্ৰমণৰ লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ...

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰা সন্ত্ৰাসবাদীয়ে পুনৰ অনুৰূপ ধৰণে আন এক আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। দলটোৱে  এইবাৰ অমৰনাথ যাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। 

Advertisment

চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ আধাৰত এই বাতৰি প্ৰকাশ কৰিছে এন ডি টিভিয়ে। প্ৰকাশিত বাতৰি অনুসৰি সন্ত্ৰাসবাদীৰ দলটোৱে অমৰনাথ যাত্ৰীক হত্যাৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছিল। সেই পৰিকল্পনা কাৰ্যকৰী কৰাৰ পূৰ্বেই অপাৰেচন মহাদেৱৰ জৰিয়তে তেওঁলোকক নিঃশেষ কৰিলে সেনা, সুৰক্ষা বাহিনীয়ে।

পেহলগাম আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদী দলটোৱে দীৰ্ঘদিন সুৰক্ষা বাহিনীৰ চকুত ধূলি দি আহিছিল যদিও তেওঁলোকে অমৰনাথ যাত্ৰীক আক্ৰমণৰ ব্লুপ্ৰীণ্ট ৰচনাৰ ইনপুট লাভ কৰিছিল সুৰক্ষা বাহিনীয়ে। তাৰোপৰি সুৰক্ষা বাহিনী নিশ্চিত হৈছিল তেওঁলোক গণ্ডাৰবালৰ অৰণ্যত বাহৰ পাতি আছিল। অমৰনাথ তীৰ্থযাত্ৰীৰ বাবে গণ্ডাৰবল মাজেৰেই আছে পথ। 

সুৰক্ষা বাহিনীয়ে এই সন্দৰ্ভত ইনপুট লাভ কৰাৰ পিছতে যোৱা ৫ জুলাইৰ পৰা আৰম্ভ কৰে বিশেষ তালাচী অভিযান। ভাৰতীয় সেনা, জম্মু কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ আৰু বি এছ এফে একেলগে গাণ্ডাৰবলত অভিযান আৰম্ভ কৰে। 

সুৰক্ষা বাহিনীৰ এই দলটোৱে যৌথভাৱে বনাঞ্চলত সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত ৰখাৰ সময়ত তেওঁলোক নিশ্চিত হয় যে, সেই অতব্য অৰণ্যতে সন্ত্ৰাসবাদীৰ দলটো লুকাই আছে আৰু সঘনে ঠাই সলনি কৰিছে। নিৰাপত্তা বাহিনীয়েও তেওঁলোকক অবিৰতভাৱে অনুসৰণ কৰি থাকে

অৱশেষত ২৪ দিনৰ মূৰত নিৰাপত্তাৰক্ষীয়ে লাভ কৰিলে সেই সফলতা। প্ৰযুক্তিগত চোৰাংচোৱাগিৰি আৰু মানৱ চোৰাংচোৱাৰ জৰিয়তে দেওবাৰে গভীৰ নিশা মুলনাৰ গাঁৱৰ সমীপৰ মহাদেৱ পৰ্বতত সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য নিশ্চিত কৰে আৰু যি উদ্দেশ্যৰে এই অভিযান আৰম্ভ কৰিছিল সেই উদ্দেশ্যক সফলতা প্ৰদান কৰে।

সোমবাৰে পুৱা প্ৰায় ১০ বজাত পাহাৰত উদ্ধাৰ কৰে সন্ত্ৰাসবাদী কেইটাৰ মৃতদেহ। এই সন্ত্ৰাসবাদী কেইটাৰ বাবে অপাৰেচন মহাদেৱ মাৰাত্মক বুলি প্ৰমাণিত হ’ল। সুৰক্ষা বাহিনীৰ হাতত নিধন হ’ল তিনিওটা সন্ত্ৰাসবাদী। 

নিহত সন্ত্ৰাসবাদী কেইটাৰ কাষত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদে তেওঁলোকে যে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল সেই কথা নিশ্চিত কৰিছে। নিৰাপত্তা সংস্থাসমূহৰ মতে, নিহত সন্ত্ৰাসবাদী হাছিম মুছাই পাকিস্তানী সেনাৰ বিশেষ সেৱা গোট (এছ এছ জি)ত পেৰা কমাণ্ডো হিচাপে প্ৰশিক্ষণ লৈছিল। 

ইয়াৰ পিছত লস্কৰ-ই-তৈবাত যোগদান কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ আৰম্ভ কৰে। এই সন্ত্ৰাসবাদীটোৱে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতত প্ৰৱেশ কৰিছিল। যোৱা ২২ এপ্ৰিলত এই সন্ত্ৰাসবাদী কেইটাই চলোৱা আক্ৰমণত পেহেলগামত ২৬ জন লোক নিহত হৈছিল।

এই আক্ৰমণৰ মূল অভিযুক্ত হিচাপে নিৰাপত্তা সংস্থাই হাছিম মুছাক চিনাক্ত কৰিছিল। সংস্থাসমূহৰ তথ্য অনুসৰি তেওঁ কমেও ছটা সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত হৈ আছে। মুছা আছিল এজন উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী, যি হাবিত বাস কৰা আৰু কঠিন পৰিস্থিতিত জীয়াই থকাত পাকৈত আছিল।

ইয়াৰ পূৰ্বে হাছিমৰ নেতৃত্বত ২০২৪ চনৰ অক্টোবৰ মাহত গাণ্ডাৰবালত ৭ জন সাধাৰণ নাগৰিক আৰু বাৰামুল্লাত চাৰিজন নিৰাপত্তাৰক্ষী নিহত হৈছিল। 

 

সন্ত্ৰাসবাদী অমৰনাথ যাত্ৰা পেহেলগাম