ডিজিটেল সংবাদ, শিৱসাগৰঃ চৰকাৰী ধন লুণ্ঠনেৰে ধনকুবেৰ হৈ পৰা শিৱসাগৰ জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলেৰ বিৰুদ্ধে অভিযান অব্যাহত আছে চিএম ভিজিলেন্সৰ ।
শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ত বুধবাৰে দিনৰ ১২ বজাৰ পৰা পুনৰ অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেয়ে তেওঁৰ কাৰ্যকালত বিভিন্ন আঁচনিত দুৰ্নীতি কৰা আৰু আয়তকৈ সম্পত্তিৰ পৰিমাণ বেছি থকা বুলি অভিযোগ উঠিছিল।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশষ তদাৰকী কোষে গোচৰ পঞ্জীয়ন কৰি আজি শিৱসাগৰ জিলা পৰিষদৰ কাৰ্য়ালয়ত অভিযান চলাই। শেহতীয়াকৈ বিটিচিলৈ বদলি হোৱা আগেয়ে তিনিবছৰ কাল শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আছিল অশ্বিনী কুমাৰ দলে।
যোৱা চাৰি জানুৱাৰীটো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অশ্বিনী কুমাৰ দলেৰ শিৱসাগৰত থকা বাসগৃহ আৰু জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাইছিল। আজি পুনৰ জিলা পৰিষদৰ কাৰ্যালয়ত তদাৰকী কোষৰ ৬ জনীয়া দলে চলাইছে অভিযান।