Advertisment

পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত "অসমীয়া ভাষাক ধ্ৰুপদী স্বীকৃতি" শীৰ্ষক মুকলি আলোচনাচক্ৰ

দেওবাৰে "অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি" শীৰ্ষক এখনি মুকলি আলোচনাচক্ৰ‌‌ প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত গুৱাহাটীৰ চান্দমাৰীত আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
ghy

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে "অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি" শীৰ্ষক এখনি মুকলি আলোচনাচক্ৰ‌‌ প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত গুৱাহাটীৰ চান্দমাৰীস্থিত "নিৰাময় ভৱন" প্ৰাংগনত আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত হৈ যায়।  বিশিষ্ট শিল্পী ডিজেন কাকতিয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশনৰে আৰম্ভ কৰা সভা সঞ্চালনা কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক,‌"সাহিত্য কোঁৱৰ" কমল কলিতাই।

Advertisment

 

পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা মুকলি আলোচনাচক্ৰ উদ্ধোধন কৰে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰবীণ সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। তেওঁ কয় - "এটি ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হ'বলৈ ভাষাটো কমেও ১৫শৰ পৰা দুই হেজাৰ বছৰ পুৰণি হোৱা দৰকাৰ। ই স্বকীয় বৈশিষ্ট্যপূৰ্ণ হ'ব লাগে।

 

প্ৰাচীন অসমত (কামৰূপ আৰু প্ৰাগজ্যোতিষ) আৰু অসমৰ বাহিৰত পোৱা শিলালিপি আৰু সাঁচিপাতৰ লেখাসমূহে অসমীয়া ভাষাৰ প্ৰাচীনত্ব সুন্দৰকৈ প্ৰকাশ কৰি আহিছে।" সভাত মাধ্যমিক শিক্ষা বিভাগ, অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈয়ে অংশ লৈ কয়-‌"অসমীয়া ভাষাত প্ৰশাসনিক শিক্ষাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা আহি পৰিল।

অসমীয়া মাধ্যমত আধুনিক উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন কৰাৰ সময় সমাগত। বাধ্যতামূলক হওক গাড়ী- মটৰৰ পৰা আৰম্ভ কৰি দেৱাল, দোকান-পোহাৰৰ বোৰ্ডবোৰত অসমীয়া ভাষাৰ ব্যৱহাৰ।"

সভাত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰে কয়-"অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে মৰ্য্যদা পোৱাৰ লগে লগে অসমীয়া ভাষাৰে কথা কোৱা‌ সকলো‌ লোকৰ ভাষাৰ প্ৰতি দায়বদ্ধতা বহুলাংশে বাঢ়ি গ'ল।"

"পদ্মশ্ৰী" প্ৰাপক বিশিষ্ট সাহিত্যিক তথা আইনজীৱী ড০ ৰোমান শৰ্মাই কয়- "অসমীয়াকে আদি কৰি প্ৰায় প্ৰত্যেকটো ভাৰতীয় ভাষাই সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হোৱা বুলি সৰ্বজন স্বীকৃত। তামিল, তেলেগু আদি ভাষাসমূহ সংস্কৃতৰ পৰাই উদ্ভূত বুলি ইতিহাস স্বীকৃত।"

 

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক শশধৰ ডেকাই কয়- "ধ্ৰুপদী ভাষা হৈছে এনে একোটা ভাষা, যিটোৰ স্বতন্ত্ৰ সাহিত্যিক পৰম্পৰাৰ লগতে প্ৰাচীন সাহিত্যৰ কথিত আৰু লিখিত সমল আছে। বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ জৰ্জ এল হাৰ্টে ধ্ৰুপদী ভাষাক এইদৰে বিশ্লেষণ কৰিছে। ধ্ৰুপদী ভাষাসমূহৰ‌ বেছিভাগেই সাধাৰণতে বিলুপ্ত বা বিলুপ্তপ্ৰায় ভাষা।"

 

অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ তথা বিশিষ্ট কবি- সাহিত্যিক কিশোৰ কুমাৰ জৈনে কয়- "চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ বৰ্ণনাত অসমীয়া ভাষাৰ উল্লেখ পোৱা গৈছিল। নৱম-দশম শতিকাত চৰ্যাপদেৰে ভাষাটোৰ মৌল চিনাক্তকৰণেৰে অসমীয়া সাহিত্যৰ ঐতিহ্য ই স্তৰে স্তৰে বিকশিত ৰূপ লৈছে।"  

 

সভাত প্ৰবীণ সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, চান্দমাৰী সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱা, বিশিষ্ট সমালোচক বিপুল শৰ্মা, মাহেকীয়া আলোচনী 'সংযোগ'ৰ সম্পাদক প্ৰশান্ত গগৈ,  সচেতন লেখক ৰূপক জি. বৰুৱা, নগেন্দ্ৰ মোহন ভট্টাচাৰ্য, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড০ নীলাঞ্জন মজুমদাৰ,‌ শৈলেন তালুকদাৰ, প্ৰদীপ কৰ্মকাৰ, কবিতা দেৱী, গীতাৰাণী পাঠক দাস, জানু শৰ্মা, নিকুঞ্জ মেধি, মৃদুলা বৰাই অসমীয়া ভাষালৈ‌ ধ্ৰুপদী স্বীকৃতিয়ে ভাষাটোৰ প্ৰতি আহি পৰা দায়িত্ব-কৰ্তব্য, দায়িত্ববোধৰ‌ ওপৰত আলোচনা কৰে।

 

সভাৰ প্ৰতি বক্তাৰ মুখত প্ৰকাশ পায় - ৬ হেজাৰ বছৰৰ পিছতো অসমীয়া ভাষাৰ মৃত্যু নহয়। সভাৰ এক  প্ৰস্তাৱযোগে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব‌ শৰ্মাই অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি পোৱাৰ ক্ষেত্ৰত যি অনন্য ত্যাগ কৰিলে,‌ তাৰ বাবে সভাই শুভেচ্ছাসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কুলধৰ শইকীয়াৰ তৎপৰতাৰ বাবে শুভেচ্ছা জ্ঞাপন প্ৰস্তাৱ লয়।

আলোচনা চক্ৰ