চন্দ্ৰযান-২ৰ ৯৫ শতাংশ এতিয়াও ভালে আছেঃ ইছৰ’

চন্দ্ৰযান-২ৰ ৯৫ শতাংশ এতিয়াও ভালে আছেঃ ইছৰ’

author-image
asomiyapratidin
New Update
চন্দ্ৰযান-২ৰ ৯৫ শতাংশ এতিয়াও ভালে আছেঃ ইছৰ’

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ লেণ্ডৰ বিক্ৰমে শনিবাৰে পুৱতি নিশা অৱতৰণ কৰিবলৈ লোৱা সময়তে পৃথিৱীৰ ষ্টেচনসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন হয়। চন্দ্ৰযান-২ মিছনৰ সৈতে জড়িত এগৰাকী জ্যেষ্ঠ ইছৰ'ৰ বিষয়াই শনিবাৰে কয় যে, 'ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বিক্ৰম লেণ্ডৰ আৰু প্ৰজ্ঞান ৰবাৰক সম্ভৱত আমি হেৰুৱাই পেলাইছে। ইয়াৰ পূৰ্বে চন্দ্ৰযান-২ৰ  লেণ্ডৰে যেতিয়া চন্দ্ৰ পৃষ্ঠৰ কাষ চাপিছিল তেতিয়াই এই মিছনৰ সৈতে জড়িত নিয়ন্ত্ৰণ কেন্দ্ৰৰ সৈতে তাৰ সংযোগ বিচ্ছিন্ন হয়।'

ইছৰ'ৰ অধ্যক্ষ শিৱনে কয়- 'বিক্ৰম লেণ্ডাৰ চন্দ্ৰ পৃষ্ঠৰ পৰা ২.১ কিলোমিটাৰ ওপৰৰ পৰা পৰিকল্পিতভাৱেই তললৈ নামে। কিন্তু তাৰপাছতেই লেণ্ডাৰৰ পৃথিৱীৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হয়। আমি এতিয়া এই সন্দৰ্ভত যি পাৰি কৰি আছো।'

অৱশ্যে লেণ্ডাৰ বিক্ৰমৰ বৰ্তমানৰ স্থিতি কি সেই বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু এতিয়াও ৯৭৮ কোটি টকীয়া এই চন্দ্ৰযান-২ মিছন শেষ হৈ যোৱা নাই। ইছৰ'ৰ আন এগৰাকী বিষযাই জনাইছে যে- 'চন্দ্ৰযান মিছনৰ লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞান ৰবৰৰ মাত্ৰ ৫ শতাংশহে ক্ষতি হৈছে। কিন্তু বাকী ৯৫ শতাংশ চন্দ্ৰযান-২ৰ অৰ্বিটৰ এতিয়াও সফলতাৰে চন্দ্ৰৰ চাৰিওফালে ঘূৰি আছে। আৰু ইয়াৰ দ্বাৰা চন্দ্ৰৰ ফটো পৃথিৱীয়ে লাভ কৰিব থাকিব।'