/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/38066d00-fe37-4f74-b647-a8f44720bb94/jorhat.jpg)
ডিজিটেল সংবাদ, যোৰহাট : কৃষি আৰু কৃষকৰ সন্মান বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা কাৰ্যসূচীৰ অধীনত আজি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (পূছা) নতুন দিল্লীত অনুষ্ঠিত কৃষক সন্মান সন্মিলন কাৰ্যসূচীৰ পোনপটীয়া অনলাইন সম্প্ৰচাৰ অসম কৃষি বিশ্ববিদ্যালয়তো সম্প্ৰচাৰ কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত যোৰহাটৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত পাঁচ শতাধিক কৃষক উপস্থিত থাকে ।
বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠকে আঁত ধৰা এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই কৃষক সকলক উদ্দেশ্যি কয় যে বৰ্তমান সময়ত কৃষিৰ লগতে কৃষি উদ্যোগৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে । অধিক মাটিত সমন্বিত ভাবে খেতি কৰি লাভান্বিত হোৱাৰ লগতে অধিক আগুৱাই যোৱাৰ দিশত চিন্তা কৰাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে । চৰকাৰী আঁচনিৰে সুলভ মুল্যত চাউল লাভ কৰি খেতি কৰিবলৈ এৰি সেই মাটি কম দামতেই বিক্ৰী কৰাটো চিন্তাৰ কাৰণ বুলি উল্লেখ কৰি চৰকাৰী আঁচনি নাথাকিলে কেনেকৈ চলিব সেয়াও চিন্তা কৰা প্ৰয়োজন বুলি কয় ।
অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰাণা প্ৰতাপ ভূঞা , ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞান গুৰু ড০ মহেন্দ্ৰ কুমাৰ মোডীৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী আৰু ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে । তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৩ টা কৃষি বিজ্ঞান আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো কৃষক সন্মান সন্মিলনৰ এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।