/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/408565-chandrayaan-online-registra.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰৰ সন্ধিয়া ৬ বাজি ৪৩ মিনিটৰ পৰা আৰম্ভ হৈছে ওলোটা গণনা। আজি দুপৰীয়া ২ বাজি ৪৩ মিনিটত চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-২। ইতিমধ্যে সম্পূৰ্ণ হৈছে যাৱতীয় সকলো প্ৰস্তুতি।
চন্দ্ৰযান-২ উৎক্ষেপনৰ এই বিৰল মুৰ্হূতৰ সাক্ষী হ'বলৈ ইতিমধ্যে অনলাইনযোগে পঞ্জীয়ন কৰাইছে বহুলোকে। ইছৰ'ৰ এজন প্ৰতিনিধিয়ে জানিবলৈ দিয়া মতে-বৰ্তমানলৈ ৭৫০০ জন লোকে অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰাইছে নিজৰ নাম।
উল্লেখ্য যে, চন্দ্ৰযান-২ উৎক্ষেপনৰ দৃশ্য উপভোগ কৰিবৰ বাবে ইছৰ'য়ে ১০ হাজাৰ মানুহ বহিব পৰাকৈ এটা গেলেৰী নিৰ্মান কৰিছে।