/asomiyapratidin/media/media_files/2024/12/26/gAoxFJTnz7FIlCNKvfhg.jpg)
ডিজিটেলৰ যুগত বৃদ্ধি পাইছে অনলাইন চাকৰিৰ চাহিদা। সেয়েহে দেশত শেহতীয়াকৈ ২০শতাংশ বৃদ্ধি পাইছে অনলাইন চাকৰি। এনে চাকৰিত এগৰাকী লোকে যিকোনো ঠাইত থাকি কাৰ্যালয়ৰ যাৱতীয় কাম-কাজ সম্পাদন কৰিব পাৰে। Photograph: (ডিজিটেলৰ যুগত বৃদ্ধি পাইছে অনলাইন চাকৰিৰ চাহিদা। সেয়েহে দেশত শেহতীয়াকৈ ২০শতাংশ বৃদ্ধি পাইছে অনলাইন চাকৰি। এনে চাকৰিত এগৰাকী লোকে যিকোনো ঠাইত থাকি কাৰ্যালয়ৰ যাৱতীয় কাম-কাজ সম্পাদন কৰিব পাৰে। )
ডিজিটেল ডেস্কঃ ডিজিটেলৰ যুগত বৃদ্ধি পাইছে অনলাইন চাকৰিৰ চাহিদা। সেয়েহে দেশত শেহতীয়াকৈ ২০শতাংশ বৃদ্ধি পাইছে অনলাইন চাকৰি। এনে চাকৰিত এগৰাকী লোকে যিকোনো ঠাইত থাকি কাৰ্যালয়ৰ যাৱতীয় কাম-কাজ সম্পাদন কৰিব পাৰে।
কেন্দ্ৰীয় চৰকাৰে সদৰি কৰা এক তথ্য অনুসৰি, ২০২৪বৰ্ষতে অনলাইন চাকৰিৰ সংখ্যা প্ৰায় ৩২শতাংশ বৃদ্ধি পাইছে দেশত। দেশৰ ৫০০ৰো অধিক চহৰত প্ৰায় ৩.৫লাখ এনে চাকৰি সৃষ্টি কৰিছে বিভিন্ন প্ৰতিষ্ঠানে।
জয়পুৰ, ইন্দোৰ, লক্ষ্ণৌৰ দৰে ৰাজ্যত এনে অনলাইন চাকৰি কৰা কৰ্মচাৰীৰ সংখ্যা তুলনামূলকভাৱে অন্য ৰাজ্যতকৈ অধিক। আগন্তুক কেইটামান বছৰৰ পাছতে এই সংখ্যা ৬কোটিৰো অধিক হব বুলি ধাৰণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us