/asomiyapratidin/media/media_files/2025/08/20/new-ap-web-2-21-2025-08-20-18-35-29.jpg)
ডিজিটেল ডেস্কঃ ইলেকট্র'নিক আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ উত্থাপন কৰে। চৰকাৰে অনলাইন গেমিংক দুটা ভাগত বিভক্ত কৰিছে। প্ৰথম শ্ৰেণীটো ই-স্প’ৰ্টছ আৰু দ্বিতীয়টো হৈছে ৰিয়েল মানি গেম।
এই বিধেয়কখনৰ জৰিয়তে ই-ক্রীড়া আৰু অনলাইন ছ'চিয়েল গেমসমূহত উৎসাহ যোগোৱাৰ বিপৰীতে ধনৰ বিনিময়ত প্ৰদান কৰা ক্ষতিকাৰক অনলাইন গেমিং সেৱা, বিজ্ঞাপন আৰু এনে খেলৰ সৈতে জড়িত বিত্তীয় লেন-দেন নিষিদ্ধ কৰিব খোজা হৈছে।
বিধেয়কখনত সমন্বিত নীতিগত সহযোগিতা, ৰণনীতিৰ বিকাশ আৰু খণ্ডটোৰ নিয়ন্ত্ৰণৰ বাবে অনলাইন গেমিং প্ৰাধিকৰণ নিযুক্তিৰ ব্যৱস্থা আছে। এই খেলসমূহৰ সৈতে জড়িত বিৰূপ প্ৰভাৱৰ পৰা বিশেষকৈ যুৱ-প্ৰজন্ম আৰু সহজেই বলি হ'ব পৰা লোকসকলক সুৰক্ষা প্ৰদান কৰাই বিধেয়কখনৰ মূল উদ্দেশ্য।
আনহাতে বিৰোধী সকলে একেমুখে এই বিধয়কখনৰ বিৰোধিতা কৰিছে। বিৰোধী পক্ষই কয় যে, এই বিলৰ ফলত ভাৰতৰ IT আৰু গেমিং ষ্টাৰ্টআপ উদ্যোগসমূহত ঋণাত্মক প্ৰভাৱ পৰিব। ইয়াৰ ফলত বৈদেশিক বিনিয়োগ হ্ৰাস হ’ব বুলিও উল্লেখ কৰে বিৰোধীয়ে।
আনহাতে বিধেয়কখন বলবৎ হোৱাৰ পিছত কোনোৱে টকাৰ বিনিময়ত খেলিব পৰা খেলৰ প্ৰস্তাৱ বা বিজ্ঞাপন দিলে ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড বা ১ কোটি টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে। ধনৰ খেলৰ বিজ্ঞাপনৰ ফলত ২ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
ধনৰ খেলৰ সৈতে জড়িত বিত্তীয় লেনদেনত ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু/বা ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ই-স্প’ৰ্টছ, PUBG আৰু Free Fireৰ দৰে সামাজিক গেম সমূহ য'ত কোনো ধৰণৰ আৰ্থিক লেনদেন নহয়,এনে গেম সমূহক সমৰ্থন কৰা হ’ব।