/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3f512fff-5c08-4f7f-9d8f-52c09d411a07/download.jpg)
representative image
ডিজিটেল ডেস্ক: দিছপুৰ আৰক্ষীৰ জালত অনলাইন প্রৱঞ্চক চক্র। পইচা দুগুণ কৰাৰ নামত অনলাইন প্রৱঞ্চনা কৰি আহিছিল চক্ৰটোৱে।
মধ্যপ্রদেশৰ দম্পতীক অনলাইনযোগে সংযুক্ত কৰি প্রৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে নিশা প্রৱঞ্চক দলটোৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে অভিযান চলাইছিল।
তাৰ পাছতেই ৪ চকীয়া বাহনসহ দুজন লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুজন ছাইফুল ইছলাম, পি আৰ হুছেইন ।
নকল টকা বনোৱা মেচিনসহ ৫০০ টকীয়া নোটৰ দুটা বাণ্ডিল জব্দ কৰে আৰক্ষীয়ে।AS-01 JC 9939 নম্বৰৰ বাহনত চলিছিল ধনৰ লেনদেন। অন্যহাতে বৃদ্ধ দম্পতীকো সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।