নাগালেণ্ড বিশ্ববিদ্যালয়ত ২০২৫–২৬ শিক্ষাবর্ষৰ বাবে নামভৰ্তি আৰম্ভ

বিশ্ববিদ্যালয়খনত শিক্ষাৰ্থীসকলে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনলাইন আবেদন ১ আৰু ২০ জুলাইৰ ভিতৰত আৰু পিএইচডি প্ৰগ্ৰেমৰ বাবে ২০ জুন ২০২৫ৰ পৰা ১২ জুলাই ২০২৫ৰ ভিতৰত দাখিল কৰিব পাৰিব।

author-image
Asomiya Pratidin
New Update
agroni khabar

নাগালেণ্ড বিশ্ববিদ্যালয়ত ২০২৫–২৬ শিক্ষাবর্ষৰ বাবে নামভৰ্তি আৰম্ভ

ডিজিটেল সংবাদ, নাগালেণ্ডঃ নাগালেণ্ড বিশ্ববিদ্যালয়ে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে ইউজি/পিজি/পিএইচডি আৰু অন্যান্য পাঠ্যক্ৰমত আবেদনৰ আহ্বান জনাইছে। লুমামিত মুখ্য কাৰ্যালয় আৰু মেডজিফেমা আৰু মেৰিমা (কোহিমা)ত অন্যান্য স্থায়ী চৌহদ থকা নাগালেণ্ড বিশ্ববিদ্যালয়ে সাংস্কৃতিক বৈচিত্ৰ্য, অত্যাধুনিক গৱেষণা, সমৃদ্ধিশালী শৈক্ষিক পৰিৱেশ প্ৰদান কৰে।

Advertisment

উল্লেখযোগ্য যে, ১৯৮৯ চনত সংসদৰ আইন অনুসৰি স্থাপন কৰা এই বিশ্ববিদ্যালয়খন নাকৰ স্বীকৃতিপ্ৰাপ্ত। বিশ্ববিদ্যালয়খনত ৪৩টা বিভাগ আৰু পাঁচটা গৱেষণা কেন্দ্ৰ আছে, যিয়ে পৰিৱেশ বিজ্ঞান, আইন, বাণিজ্য, শিক্ষা, অভিযান্ত্ৰিক, ভাষাবিজ্ঞান, ৰাজনীতি বিজ্ঞান, আৰু জৈৱ প্ৰযুক্তিৰ দৰে শাখাত শক্তিশালী পাঠদান আৰু গৱেষণাৰ সুবিধা প্ৰদান কৰে।

বিশ্ববিদ্যালয়খনত শিক্ষাৰ্থীসকলে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনলাইন আবেদন ১ আৰু ২০ জুলাইৰ ভিতৰত আৰু পিএইচডি প্ৰগ্ৰেমৰ বাবে ২০ জুন ২০২৫ৰ পৰা ১২ জুলাই ২০২৫ৰ ভিতৰত দাখিল কৰিব পাৰিব।

ইচ্ছুকসকলে তলত দিয়া লিংকটোৰ জৰিয়তে আবেদন কৰিব পাৰিব - https://nagalanduniversity.ac.in/English/Admission

ইফালে, বিশ্ববিদ্যালয়খনত যোগদান কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক আদৰণি জনাই নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জগদীশ কুমাৰ পাটনায়কে সদৰি কৰে যে, “মই দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক নাগালেণ্ড বিশ্ববিদ্যালয়লৈ উষ্ম আদৰণি জনাইছো — যি শিক্ষণ, বৈচিত্ৰ্য, আৰু বৃদ্ধিৰ স্থান। জ্ঞান আৰু সফলতাৰ দিশত আপোনাৰ যাত্ৰাক সমৰ্থন কৰিবলৈ আমি আগ্ৰহী।”

নাগালেণ্ড নাগালেণ্ড বিশ্ববিদ্যালয়