ৰুদ্ৰসাগৰত প্ৰচণ্ড বিস্ফোৰণেৰে ওলায়েই আছে গেছঃ আহিছে বাঘাজান কাণ্ডৰ অভিজ্ঞতাৰে পুষ্ট বিশেষজ্ঞ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ১৪৭ (এ) নং ৰিগত যোৱা বৃহস্পতিবাৰে সংঘটিত প্ৰাকৃতিক গেছ নিৰ্গমণ ৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই।

author-image
Asomiya Pratidin
New Update
ৰুদ্ৰসাগৰত প্ৰচণ্ড বিস্ফোৰণেৰে ওলায়েই আছে গেছঃ আহিছে বাঘাজান কাণ্ডৰ অভিজ্ঞতাৰে পুষ্ট বিশেষজ্ঞ

ডিজিটেল ডেস্কঃ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ১৪৭ (এ) নং ৰিগত যোৱা বৃহস্পতিবাৰে সংঘটিত প্ৰাকৃতিক গেছ নিৰ্গমণ ৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই। ফলত জনসাধাৰণৰ মাজত ক্ষোভ বৃদ্ধি হৈছে।

Advertisment

প্ৰায় এটা সপ্তাহ হ’বলৈ হ’ল যদিও এই গেছ নিৰ্গমণত চূড়ান্ত ৰূপত অ' এন জি চি কৰ্তৃপক্ষ ব্যৰ্থ হোৱাৰ পিছত এতিয়া অঞ্চলটোৰ মহিলাসকলৰ শেষ ভৰসা হৈ পৰিছে ঈশ্বৰ। কেৱল প্ৰাকৃতিক গেছ আৰু তেল অন্বেষণতে অধিক গুৰুত্ব দিয়া অ' এন জি চিয়ে জনজীৱন আৰু জৈৱ বৈচিত্ৰক গুৰুত্বহীন কৰাৰ বাবেই এতিয়া সাম্ভাব্য বিপদৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে ঘৰ-সম্পত্তি ৰক্ষা কৰাৰ স্বাৰ্থত নামঘৰত ঈশ্বৰলৈ ৰাজহুৱাকৈ শৰাই আগবঢ়াই নাম-প্ৰসংগ কৰিবলৈ বাধ্য হৈছে মহিলাসকলে। 

ৱশ্যে মঙলবাৰে এই দুৰ্ঘটনাস্থলীত আহি উপস্থিত হয় অ' এন জি চিৰ চি এম ডি অৰুণ কুমাৰ সিং। তেওঁৰ লগত ডেহৰাদুনৰ পৰা আহি এই ঘটনাস্থলী পৰ্যবেক্ষণ কৰে বেদপ্ৰকাশ মহাব্বৰ নামৰ বিশেষজ্ঞগৰাকীও।

বাঘজানৰ প্ৰাকৃতিক গেছ নিৰ্গমণৰ পিছত হোৱা অগ্নিকাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত এইগৰাকী বিশেষজ্ঞৰ আছিল বিশেষ ভূমিকা। সেই অভিজ্ঞতাৰেই পুষ্ট এইগৰাকী বিশেষজ্ঞই অৱশ্যে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ এই প্ৰাকৃতিক গেছ নিৰ্গমণ ৰোধ কৰাৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

ইফালে সোমবাৰে সতীৰ্থ মন্ত্ৰী বিমল বৰা, বিধায়ক সুশান্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে এই দুৰ্যোগৰ বলি হোৱা সাধাৰণ লোকসকলক। তাৰ পূৰ্বে তেওঁ ঘটনাস্থলী পৰ্যবেক্ষণ কৰি অ' এন জি চিৰ স্থানীয় বিষয়াসকলৰ পৰা পৰিস্থিতিৰ বুজ লয়। 

আশ্ৰয় শিবিৰত থকা ৩৫০ টা পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মতবিনিময় কৰি তেওঁলোকৰ সমস্যা ৰাজিৰ বুজ লোৱাৰ লগতে তাতৎক্ষণিক ভাৱে সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে। গেছ নিৰ্গমণৰ ফলত প্ৰভাৱিত হোৱা প্ৰতিটো পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২৫ হাজাৰকৈ টকাৰ আৰ্থিক সাহায্য হিচাপে ঘোষণা কৰিছে।

অৱশ্যে এয়া ক্ষতিপূৰণ নহয় বৰঞ্চ সাময়িক সকাহ বুলিহে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সাময়িক সকাহৰ বাবে প্ৰয়োজনত আৰু ধন দিয়া হ'ব বুলিও তেওঁ জনাইছে। ক্ষতিপূৰণ আদায়ৰ বাবে অ' এন জি চিৰে আলোচনা কৰি পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনাইছে। 

 

অ' এন জি চি ৰুদ্ৰসাগৰ