/asomiyapratidin/media/media_files/2025/06/21/gasss-2025-06-21-22-55-19.jpg)
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ ৰূদ্ৰসাগৰ তৈল খাদত বিগত প্ৰায় এসপ্তাহ ধৰি গেছ নিগৰ্মণ হৈ আছে। শেহতীয়াকৈ এই বিষয়কটোক লৈ অ এন জি চিয়ে সদৰি কৰিছে যে, শনিবাৰৰ দিনটোত এই তৈল খাদটোৰ গেছ নিগৰ্মণ ৰোধ কৰাৰ ক্ষেত্ৰত বহুখিনি সফলতা লাভ কৰিছে তেওলোকে। পূৰ্বতকৈ গেছ নিৰ্গমণ বহু পৰিমাণে হ্ৰাস পোৱা বুলি দাবী কৰিছে অন এ জি চিয়ে।
সূদুৰ আমেৰিকাৰ পৰা অহা বিশেষজ্ঞ দলটোৰ সৈতে কাম কৰি অ এন জি চিয়ে এই সফলতা লাভ কৰা বুলি আনুষ্ঠানিকভাৱে সদৰি কৰিছ। অৱশ্যে কেতিয়ালৈকে এই নিৰ্গমণ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব তাৰ নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰি দিয়া নাই অ এন জি চিয়ে। কিন্তু বিশেষজ্ঞসকলে সকলো উন্নত পদ্ধতি ব্যৱহাৰ কৰিছে আৰু অচিৰেই সম্পূৰ্ণ সফলতা লাভ কৰিব বুলি এক বিবৃতি প্ৰকাশ কৰিছে ONGCএ।