অসমৰ সম্পদক পুঁজিপতি হাতত গতোৱাৰ বাবে ONGCৰ গভীৰ ষড়যন্ত্ৰ, হাত উজান দিছে দুই অসমীয়া বিষয়াই...

অসমৰ সম্পদক পুঁজিপতি হাতত গতোৱাৰ বাবে ONGCৰ গভীৰ ষড়যন্ত্ৰ, হাত উজান দিছে দুই অসমীয়া বিষয়াই...
Published on
Updated on

 ডিজিটেল সংবাদ, শিৱসাগৰঃ জাতীয়, জনগোষ্ঠীয় সংগঠনৰ একাংশ নেতাৰ দুৰ্বলতাৰ বাবেই তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ  অ' এন জি চিৰ অসম সম্পদত সক্ৰিয় হৈ থকা অসম বিৰোধী চক্ৰই অসম সম্পদৰ তৈলক্ষেত্ৰত সমূহ এখনৰ পিছত এখনকৈ ব্যক্তিগত খণ্ডৰ হাতত কৌশলেৰে গতাই দিছে ৷

ইয়াৰ সমান্তৰালভাৱে খনন ৰিগ সমূহৰ বহিৰাগত তথা অনা অসমীয়া গোষ্ঠীৰ হাতত তুলি দিছে ৷ জনসাধাৰণে ভবিষ্যতৰ নেতা বুলি গণ্য কৰা একাংশই পুঁজিপতি ঠিকাদাৰৰ কেইটামান টকাৰ লোভত বন্দী হৈ মৌনতা অৱলম্বন কৰাত অসম বিৰোধী চক্ৰ উৎসাহিত হৈ পৰিছে ৷

ভবিষ্যতৰ দিনত ৰাজনৈতিক ক্ষেত্ৰত জনসাধাৰণক প্ৰতিনিধিত্ব তথা নেতৃত্ব দিব বুলি ভবা সংগঠনৰ নেতাই পুঁজিপতি গোষ্ঠীৰ হৈ শ্ৰমিক ইউনিয়ন আৰু অ’এনজিচি কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰাৰ কথা ৰাজহুৱা হৈ পৰাত এনে নেতাৰ প্ৰতি ৰাইজৰ মোহভঙ্গ হৈছে ৷

আনহাতে অ’এনজিচিয়ে আগবঢ়োৱা অনুদানত গুৰুত্ব দিয়া প্ৰতিষ্ঠানটোৰ বিষয়া সন্থাৰ বিষয়া সকলে নিজৰ চাকৰি বচোৱাৰ লগতে আন আন সুবিধা আদায় কৰাৰ স্বাৰ্থত পুঁজিপতি গোষ্ঠীক সমৰ্থন কৰাত ৰাজহুৱা খণ্ডৰ মহাৰত্ন উদ্যোগটোৰ অস্তিত্ব অসমত বিপন্ন হৈছে ৷

বিভিন্ন পক্ষৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰা অ’এনজিচি কৰ্তৃপক্ষৰ লগতে পুঁজিপতি গোষ্ঠীৰ সাহস ইমানেই বাঢ়িল যে  লাকুৱাত চলি থকা এটা ৰিগত অ’এনজিচিৰ বিষয়া কৰ্মচাৰীয়ে কামকৰি থকা অৱস্থাতে  বহিৰাগত পুঁজিপতি গোষ্ঠীয়ে ৰিগটো চমজি ল’বলৈ চেষ্টা কৰে ৷ এই লৈ কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

বহিৰাগত “ ছাউথ এছিয়া” নামৰ পুঁজিপতি গোষ্ঠীৰ ৪০ গৰাকীকৈ বিষয়া কৰ্মচাৰীয়ে ৰিগটো বলপূৰ্বক ভাৱে নিজৰ জিম্মাত লোৱাৰ চেষ্টা চলায় ৷ আনহাতে আন দুটা  পুঁজিপতি গোষ্ঠীয়ে বিভন্ন পক্ষৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি আই আৰ —viii আৰু আই আৰ — x নম্বৰৰ কেইবাশ কোটি টকীয়া ৰিগ দুটা নিজৰ কব্জালৈ নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লাকুৱা তৈলক্ষেত্ৰত অ’এনজিচিৰ বিষয়া কৰ্মচাৰীয়ে খাৰুৱাতেলৰ সন্ধানত খনন  চলাই থকা এম —৪৯০০ ৰিগটো  নিজৰ অধীনলৈ নিয়াৰ বাবে বহিৰাগত “ ছাউথ এছিয়া ” নামৰ  পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৪০ গৰাকীৰো অধিক বিষয়া প্ৰেৰণ কৰে ৷ বহিৰাগত প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীয়ে ৰিগটোৰ পৰা অ’এনজিচিৰ বিষয়া কৰ্মচাৰীক বাহিৰলৈ ওলাবলৈ নিৰ্দেশ দিয়াৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

দুৰ্ভাগ্যজনক ভাৱে বহিৰাগত পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানটোক ৰিগ দখল কৰাৰ ক্ষেত্ৰত হাত উজান দিয়ে দাস, গোহাঁই আৰু ডেকা উপাধীৰ  তিনিগৰাকী অসমীয়া বিষয়াই ৷ ৰিগ দখল- ৰক্ষা কৰাৰ বাবে বহিৰাগত আৰু অ’এনজিচিৰ বিষয়া কৰ্মচাৰীৰ মাজত তৰ্কাতৰ্কি হৈ থকাৰ সময়তে শ্ৰমিক ইউনিয়নৰ একাংশ নেতা কৰ্মী ৰিগটোত  উপস্থিত হয়গৈ ৷ 

ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ চমুকৈ আই এন টি ইউ চি বিষয়ববীয়া সঞ্জীৱ বৰুৱা আৰু পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ নেতৃত্বাধীন শ্ৰমিক ইউনিয়নে  পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰীক ৰিগটোৰ পৰা খেদি পঠাবলৈ সক্ষম হয় ৷

উল্লেখ্য যে অ’এনজিচিয়ে অসম সম্পদৰ  খনন আৰু উৎপাদন ৰিগ সমূহ এটাৰ পিছত এটাকৈ পুঁজিপতি গোষ্ঠীক গতাই দিয়াক লৈ প্ৰতিষ্ঠানটোৰ ভিতৰচৰাতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অ’এনজিচিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক গৰাকী কৌশলেৰে অসমৰ বাহিৰত অৱস্থান কৰি একাংশ বিষয়াৰ যোগেদি ৰিগ সমূহ পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ  প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

অ’এনজিচিৰ এনে কাৰ্যৰ বাবে অসম সম্পদত নিযুক্তি প্ৰক্ৰিয়া চিৰদিনলৈ বন্ধ হৈ পৰিব ৷ ফলত অসমৰ শিক্ষিত নিবনুৱা সকল নিযুক্তিৰ পৰা বঞ্চিত হ’ব ৷ আমাৰ হাতত পৰা তথ্য অনুসৰি অ’এনজিচিৰ অসম সম্পদত কেইবা সহস্ৰাধিক পদ খালী হৈ আছে ৷  ইয়াৰ পিছতো কিন্তু  অসমত চিৰদিনৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে এটাৰ পিছত এটাকৈ ৰিগ সমূহ পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানক গতাই দিছে ৷

নিজৰ ৰিগত কাম কৰি থকা বিষয়া কৰ্মচাৰী সকলক আন আন সম্পদলৈ বদলিকৰণ কৰি অসম সম্পদত ঠিকাদাৰী প্ৰতিষ্ঠানৰ যোগেদি কাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ লক্ষ্যণীয় ভাৱে অ’এনজিচিৰ এনে ব্লুপ্ৰিণ্ট কাৰ্যকৰী কৰাৰ বাবে  কেন্দ্ৰীয় চৰকাৰ শ্ৰম মন্ত্ৰ্যালয়ৰ এগৰাকী বিয়াগোম বিষয়াই হাত উজান দিছে ৷

পুঁজিপতি গোষ্ঠীৰ লগত ধনৰ লেনদেন কৰি কেইগৰাকীমান অস্থায়ী শ্ৰমিকৰ স্বাৰ্থ সিদ্ধিৰ অচিলাৰে সকলো নীতি নিয়ম ভংগ কৰি দুটাকৈ ৰিগ পুঁজিপতি ঠিকাদাৰী গোষ্ঠীক গতাই দিয়াৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ শ্ৰম বিভাগৰ বিষয়া গৰাকীয়ে ইতিমধ্যে বিভিন্ন পক্ষৰ লগত আলোচনাত মিলিত হৈছে ৷ 

অ’এনজিচিক কেইবাটাও সংগঠনে বাৰম্বাৰ সকীয়াই থকাৰ পিচটো প্ৰতিষ্ঠানটোৱে ৰিগ সমূহ পুঁজিপতিত গতাই দিয়াত হে অধিক গুৰুত্ব দিছে ৷ অ’এনজিচিয়ে ছাউথ এছিয়া নামৰ প্ৰতিষ্ঠানটোক ৪৯০০ নম্বৰৰ ৰিগৰ লগতে এন ই ডি আৰু  পেট্ৰটেক নামৰ পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানক আই আৰ— viii আৰু  আই  আৰ—x নামৰ ৰিগ দুটা গতাই দিয়াৰ বাবে গভীৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে ৷

লক্ষ্যণীয় ভাৱে শ্ৰমিকক এক্যাউণ্ট সঠিক ভাৱে মজুৰি দি পৰৱৰ্তী সময়ত তাৰে পঞ্চাশ শতাংশ ধন শ্ৰমিকৰ পৰা নিজৰ জেপলৈ নিয়া পুঁজিপতি অনা অসমীয়া ঠিকাদাৰী প্ৰতিষ্ঠানৰ দালাল ৰূপী এগৰাকী ব্যক্তিয়ে ৰিগ নিজৰ আওতালৈ নিয়াৰ বাবে বিভিন্ন পক্ষক মেনেইজ কৰাৰ প্ৰচেষ্টাত লিপ্ত হৈছে ৷ 

আনহাতে অ’এনজিচিৰ ক্ৰেণ, টেইলৰৰ চালকক মাহেকত ৭ ৰ পৰা ১০ হেজাৰ টকা দৰমহা দি শ্ৰম আইন ভংগ আৰু শ্ৰমিক শোষণ কৰাৰ  সন্দৰ্ভত শ্ৰম বিষয়া মৌন হৈ থাকি এতিয়া কেইগৰাকীমান শ্ৰমিকক সুৰক্ষা দিয়াৰ অচিলাৰে বহিৰাগত পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানক ৰিগৰ ঠিকা দিয়াৰ ষড়যন্ত্ৰত হাত উজান দিয়া কাৰ্যক কেন্দ্ৰ কৰি সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ 

জানিব পৰামতে ২০২৩ চনৰ মাজভাগত অ’এনজিচিয়ে কাৰ্ডৱেল—100 xii আৰু আই আৰ— ii নামৰ ৰিগ দুটাৰ কামকাজ পুঁজিপতি গোষ্ঠীক গতোৱাৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ “নৰ্থ ইষ্ট ড্ৰিলিং” আৰু “পেট্ৰটেক” নামৰ পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানে ৰিগ দুটাৰ ঠিকা লাভ কৰে ৷ চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত ঠিকাদাৰী প্ৰতিষ্ঠানে ৰিগ দুটা চমজি লোৱাৰ বাবে শ্ৰমিকৰ মাজত সাক্ষাৎকাৰ অনুষ্ঠিত কৰে ৷

সমান্তৰালভাৱে ৰিগ দুটাৰ পৰা অ’এনজিচিৰ বিষয়া কৰ্মচাৰী বাহিৰলৈ ওলোৱাৰ লগে লগেই পুঁজিপতি ঠিকাদাৰৰ শ্ৰমিকক প্ৰবেশ কৰোৱাৰ প্ৰস্তুতি চলিছিল ৷ হ’লেও অ’এনজিচিৰ শ্ৰমিক ইউনিয়নে ৰিগ দুটা পুঁজিপতি গোষ্ঠীক চমজি লোৱাত বাধা দিয়ে ৷  অ’এনজিচিৰ যি সকল বিষয়া কৰ্মচাৰীয়ে ইমানদিনে ৰিগ দুটাত কাম কৰি আছিল তেওঁলোক কৰ্মহীন হৈ পৰিব ৷

ফলত অ’এনজিচিয়ে তেওঁলোকক অসম সম্পদৰ বাহিৰলৈ বদলিকৰণ কৰিব ৷ আনহাতে যোৱা ফ্ৰেব্ৰুৱাৰী মাহতে নিবিদা সম্পন্ন হৈ যোৱা দুয়োটা ৰিগৰ কাম কৰিবপৰা ক্ষমতা হ্ৰাস হৈ বিকল হৈ পৰে ৷ সাধাৰণতে এটা ৰিগৰ কাম কৰিবপৰা ক্ষমতা প্ৰায় ৬০ টন থাকে যদিও এই ৰিগ দুটাৰ ক্ষমতা ৩০ টনলৈ হ্ৰাস পায় ৷ ফলত পদেপদে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট ৷ এনে পৰিস্থিতিত অ’এনজিচিয়ে পূৰ্বতে সম্পন্ন কৰা নিবিদা নাকচ কৰি ঠিকাদাৰী প্ৰতিষ্ঠানৰ আমানত ধন উভতাই দিব লাগিছিল ৷

কিন্ত ৰহস্যজনক  কাৰণত তেনে ব্যৱস্থা গ্ৰহণ কৰা নাই ৷  ঠিকাদাৰী প্ৰতিষ্ঠান দুটাই ইতিপূৰ্বে সম্পন্ন কৰা শ্ৰমিক বাচনি প্ৰক্ৰিয়া নাকচ নকৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ আন আন ৰিগ নিজৰ আওতালৈ নিয়াৰ চক্ৰান্তত লিপ্ত হৈছে ৷ অ’এনজিচিয়ে নিজৰ বিষয়া কৰ্মচাৰীৰ দ্বাৰা কাম সম্পন্ন কৰাই থকা “আই আৰ—VIII” আৰু 

“ আই আৰ —X ” নামৰ ৰিগ দুটা পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানক গতাই দিয়াৰ গোপন বুজাবুজি কৰা বিষয়টোৰ সন্দৰ্ভত অ’এনজিচিৰ বিষয়া সন্থা মৌন কিয় তাকলৈ প্ৰশ্ন উঠিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in