ডিজিটেল সংবাদ, শিৱসাগৰ: সুৰক্ষা আৰু জৰুৰীকালীন প্ৰস্তুতিৰ ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ হিচাপে অ’এনজিচি অসম সম্পদে ৬৫ খন নতুন এম্বুলেঞ্চ সেৱাৰ শুভাৰম্ভ কৰে। কাৰ্যবাহী সঞ্চালক-সম্পদ প্ৰবন্ধক ভাস্কৰ চৌধাৰী নেট্টমে শিৱসাগৰস্থিত অ’এনজিচিৰ লজিষ্টিক বিভাগত আজি অনুষ্ঠিত এক অনুষ্ঠানত এই সেৱাৰ শুভ উদ্বোধনী কৰে।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, অ’এনজিচিৰ জ্যেষ্ঠ বিষয়াবৰ্গ, অসম সম্পদৰ বিষয়া-কৰ্মচাৰীৰ সংগঠনৰ প্ৰতিনিধিসকল এই অনুষ্ঠানত উপস্থিত থাকে। ভাষণ প্ৰসংগত কাৰ্যবাহী সঞ্চালক-সম্পদ প্ৰবন্ধক ভাস্কৰ চৌধাৰী নেট্টমে অ’এনজিচিৰ কৰ্মক্ষেত্ৰত সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, তেল আৰু গেছ উৎপাদনত উৎকৃষ্টতা অৰ্জনৰ আমাৰ মিছনৰ অবিচ্ছেদ্য অংগ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা।
এই এম্বুলেঞ্চসমূহৰ প্ৰৱৰ্তনে আমাৰ কৰ্মচাৰী আৰু অংশীদাৰসকলৰ কল্যাণৰ প্ৰতি আমি পালন কৰা দায়বদ্ধতাক প্ৰতীয়মান কৰে। এই প্ৰক্ৰিয়াত জড়িত দলটোৰ দায়বদ্ধতা আৰু কৰ্তব্যনিষ্ঠাৰো তেওঁ শলাগ লয়। সুচাৰুৰূপে লটাৰী ভিত্তিক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলক ৩৭২খন লঘু বাহনৰ ঠিকা প্ৰদানৰ পাছত অ’এনজিচি অসম সম্পদৰ এয়া আন এক উল্লেখযোগ্য পদক্ষেপ।
যিকোনো জৰুৰীকালীন অৱস্থাত সুবিধা হোৱাকৈ অ’এনজিচিৰ কৰ্মক্ষেত্ৰ যেনে ড্ৰিলিং, ৱৰ্ক অভাৰ ৰিগ, প্ৰডাকশ্বন ইনষ্ট’লেশ্বন, শিৱসাগৰ আৰু নাজিৰাস্থিত অ’এনজিচি চিকিত্সালয়ত এই এম্বুলেঞ্চসমূহ নিয়োজিত কৰা হ’ব।
এএছটিচিৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে অ’এনজিচিৰ পৰা লাভ কৰি অহা সহযোগিতাৰ শলাগ লয়। এনে সহযোগিতাই পৰিবহণ নিগমৰ অগ্ৰগতিত সহায় কৰা বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, এই সহযোগিতা স্থানীয় প্ৰতিষ্ঠানসমূহক সবলীকৰণৰ বাবে অ’এনজিচিয়ে প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ প্ৰমাণ। এই মূল্যৱান সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি আগ্ৰহী।
অনুষ্ঠানত লজিষ্টিক বিভগৰ ভাৰপ্ৰাপ্ত বিষয়া মেনেজাৰ (পৰিবহণ) আশীষ কুমাৰ মিশ্ৰই আদৰণী ভাষণ দিয়ে। এএছটিচিৰ জৰিয়তে পাঁচ বছৰৰ বাবে নিবিদাত লোৱা নতুন এম্বুলেঞ্চসমূহৰ ভিতৰত আছে ৬৩খন ইমাৰজেন্সি এম্বুলেঞ্চ আৰু দুখন এডভান্সড লাইফ ছাপৰ্ট (এ এল এছ) এম্বুলেঞ্চ। ইমাৰজেন্সি এম্বুলেঞ্চ মূহত ভাঁজ কৰিব পৰা আসন, চুইভেলিং ফেন, অটোলোডাৰ ষ্ট্ৰেচাৰ, আৰু ২.২ লিটাৰ অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা আদি অত্যাৱশ্যকীয় সুবিধা আছে।
ইফালে এ এল এছ এম্বুলেঞ্চত ভেণ্টিলেটৰ, ডিফিব্ৰিলেটৰ, ছাকচন পাম্প, অক্সিজেন ডেলিভাৰী চিষ্টেমৰ দৰে জটিল জীৱন ৰক্ষাকাৰী সঁজুলি সংযুক্ত কৰা হৈছে। এই উল্লেখনীয় বিনিয়োগৰ জৰিয়তে অ’এনজিচি অসম সম্পদে কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্বক পুনৰবাৰ প্ৰতীয়মান কৰিছে।