Advertisment

অ’এনজিচিয়ে প্ৰতিমাহতে অসম চৰকাৰক ১০০ কোটি টকাৰ ৰাজহ দিয়ে : কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰী নেতম

“অ’ এন জি চিৰ অসম সম্পদৰ নাজিৰা কাৰ্যালয়ে প্ৰতিমাহে অসম চৰকাৰক ১০০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰক ১০০ কোটি টকাৰ ৰাজহ প্ৰদান কৰে ৷ ইয়াৰ উপৰিও বিভিন্ন ঠিকা কামসহিতে আন আন শিতানত জি এচ টিসহ বছৰত প্ৰায় ৬০০ কোটি টকা চৰকাৰক প্ৰদান কৰে”

author-image
Asomiya Pratidin
New Update
ONGC gives Revenue of Rs 100 crore to Assam government every month

ONGC gives Revenue of Rs 100 crore to Assam government every month

ডিজিটেল সংবাদ, শিৱসাগৰ : “অ’ এন জি চিৰ অসম সম্পদৰ নাজিৰা কাৰ্যালয়ে প্ৰতিমাহে অসম চৰকাৰক ১০০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰক ১০০ কোটি টকাৰ ৰাজহ প্ৰদান কৰে ৷ ইয়াৰ উপৰিও বিভিন্ন ঠিকা কামসহিতে আন আন শিতানত জি এচ টিসহ বছৰত প্ৰায় ৬০০ কোটি টকা চৰকাৰক প্ৰদান কৰে” ৷— এই মন্তব্য অ’এনজিচিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক তথা সম্পদ প্ৰৱন্ধক ভাস্কৰ চৌধুৰী নেতমৰ ৷ 

Advertisment

অ’এনজিচিৰ অনুসূচিত জাতি- জনজাতি কৰ্মচাৰী কল্যাণ পৰিষদে অ’এনজিচিৰ বাৰ্ষিক সংযোজিত পুঁজিৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আত্মসহায়ক গোটৰ মাজত বিনামূলীয়া সামগ্ৰী বিতৰণ কৰাৰ বাবে আয়োজিত এখন জনাকীৰ্ণ সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে ৷

ONGC gives Revenue of Rs 100 crore to Assam government every month
ONGC gives Revenue of Rs 100 crore to Assam government every month

 

অ’এনজিচিৰ কলনিৰ ড° ভূপেন হাজৰিকা মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ভাস্কৰ চৌধুৰী নেতমে কয় যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অধিক ৰাজহ পাবলৈ হ’লে অ’এনজিচি বাচি থাকিব লাগিব, অ’এনজিচিৰ তেলৰ উৎপাদন বৃদ্ধি হ’ব লাগিব ৷ তেওঁ কয় অ’এনজিচিয়ে চি এচ আৰ শিতানৰ পৰা সমাজৰ উন্নয়নৰ বাবে কাম কৰি আহিছে ৷ 

স্কুল, নামঘৰ উন্নয়নৰ লগতে ২৫০ শিশুক ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়া হৈছে ৷ আনকি গাড়ী চলোৱাৰ বাবে যুৱকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ মানুহক সহায় কৰাৰ এয়া প্ৰয়াস ৷ তেওঁ কয়- অ’এনজিচিৰ  উদ্দেশ্য সকলোকে আগবঢ়াই নিয়াৰ ৷

ONGC gives Revenue of Rs 100 crore to Assam government every month
ONGC gives Revenue of Rs 100 crore to Assam government every month

 

কাৰ্যবাহী সঞ্চালকগৰাকীয়ে কয়- ২৪ ঘন্টাই আমাৰ কৰ্মচাৰীয়ে কাম কৰে ৷ যিমান বেছিকৈ তেল আহৰণ হ’ব চৰকাৰে সিমানেই ৰয়েল্টি লাভ কৰিব বুলি তেওঁ কয় ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি এনামউদ্দিন আহমেদে কয় - অ’এনজিচিৰ লগত অসমৰ অৰ্থনৈতিক দিশ জড়িত হৈ আছে ৷ উজনি অসমৰ অৰ্থনৈতিক দিশ অ’এনজিচিৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে ৷ ইয়াৰ থলুৱা বজাৰৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি কেইবা সহস্ৰাধিক নিবনুৱা অ’এনজিচিৰ ওপৰত প্ৰত্যক্ষ ভাৱে নিৰ্ভৰশীল ৷ সেইবাবেই সকলোৱে অ’এনজিচিৰ কামকাজৰ ওপৰত শেনচকু ৰাখে ৷ অ’এনজিচি জীয়াই থাকিলেহে উজনিৰ অৰ্থনীতি টনকিয়াল হৈ থাকিব বুলি তেওঁ কয় ৷

অনুসূচিত জাতি জনজাতি কৰ্মচাৰী কল্যাণ সংস্থাৰ সম্পাদক জগত হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰি অ’এনজিচিক জীয়াই ৰখাৰ বাবে সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা কামনা কৰে। তেওঁ কয় এই প্ৰতিষ্ঠান জীয়াই থাকিলে সমাজৰ উন্নতি হোৱাটো নিশ্চিত ৷ 

ONGC gives Revenue of Rs 100 crore to Assam government every month
ONGC gives Revenue of Rs 100 crore to Assam government every month

 

অ’এনজিচিৰ ৬০ লাখৰো অধিক টকাৰ পুঁজিৰে আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সামগ্ৰী প্ৰদান  কৰা হৈছে ৷ ড্ৰাইভিং প্ৰশিক্ষণ প্ৰদান কৰা সকলক আজি প্ৰমাণপত্ৰ দিয়া হৈছে  ৷ বিভিন্ন অনুষ্ঠানক টিনপাত, ৭৫ টা মহিলা আত্মসহায়ক গোটক সূতা প্ৰদান  কৰা হৈছে ৷ ক্ৰীড়াৰ অনুশীলনৰ সুযোগ প্ৰদান কৰা হয় ৷ 

অ’এনজিচিৰ টকাৰে ৰুদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয় শীততাপ নিয়ন্ত্ৰিত কৰা হৈছে ৷ আনহাতে অ’এনজিচি কলনিৰ এই প্ৰেক্ষাগৃহৰ সন্মুখত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে কলকতাত নিৰ্মাণ কৰি থকা হৈছে আৰু এটা মাহৰ ভিতৰত প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি জগত হাজৰিকাই কয় ৷ আজিৰ সভাতেই অ’এনজিচিক গুৱাহাটীত এটা গেষ্টহাউছ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি জগত হাজৰিকাই ব্যক্ত কৰে ৷ 

সংস্থাৰ অধ্যক্ষ ডেম্বিৰাম পাংগিঙে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়- তেলৰ উৎপাদনৰ বাবে আমাৰ বিষয়া কৰ্মচাৰীসকলে দিনে-নিশাই কাম কৰি আহিছে ৷ এওঁলোক তৈলক্ষেত্ৰৰ সৈনিক ৷ দেশৰ ২২ টা স্থানত অ’এনজিচিৰ কাম চলি আছে ৷ দেশৰ সামূহিক উন্নয়নৰ বাবে অ’এনজিচিয়ে প্ৰচেষ্টা অব্যাহত আছে ৷ 

সমাজৰ পিছ পৰা লোকক আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে ৷ মহিলা সৱলীকৰণৰ লগতে কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ বাবে কাম কৰি আহিছে ৷ গতিকে অ’এনজিচিৰ উন্নয়ন হ’বই লাগিব ৷ অ’এনজিচিয়ে চুপাৰ-৩০ ৰ যোগেদি মেধা ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত কামকৰি আহিছে ৷ 

ইফালে অ’এনজিচিৰ খনন বিভাগৰ মুখ্য প্ৰৱন্ধক তথা চাপৰ্ট মেনেজাৰ গৌতম দাসে কয় আমি গাঁৱে-ভূঞে গৈ দেখা বেয়াখিনিৰ মাজৰ পৰা একেবাৰে পিছ পৰা অঞ্চলসমূহ বাচি লৈ উন্নয়নৰ বাবে কাম কৰো ৷ আমাৰ সীমাবদ্ধতা থাকে ৷ 

বছৰি বছৰি বেলেগ বেলেগ স্থানৰ লোকৰ উন্নয়নৰ আঁচনি লওঁ ৷ অ’এনজিচি থাকিলেহে আমি উন্নয়ন কৰিব পাৰিম বুলি তেওঁ কয় ৷ কাম কৰি যাবলৈ আমাক সহায় কৰক বুলি তেওঁ আহ্বান জনায় ৷ আন এগৰাকী উচ্চপদস্থ বিষয়া হীৰা সিং ৰাণায়ো বক্তব্য আগবঢ়ায় ৷ 

অনুষ্ঠানত  গিৰীন্দ্ৰ ডেকা, মনোজ বাদানি , নিত্যানন্দ পাংগিং, বাবলু ভৰালী, লক্ষ্যৰঞ্জন গোহাঁই, প্ৰবীন শংকাৰ, মকবুল আলীকে ধৰি ভালেসংখ্যক বিষয়া উপস্থিত থাকে ৷ উল্লেখ্য যে আজি সংস্থাই চাইকেল, খেলৰ সামগ্ৰী, বাদ্যযন্ত্ৰ, টিনপাত, ডেক্স বেঞ্চ আদি বিতৰণ কৰে ৷

ongc