বৰহোলাৰ শিলডুবিস্থিত ONGCৰ GGSত অগ্নিকাণ্ড, এজনৰ মৃত্যু..

বৰহোলাৰ শিলডুবিস্থিত ONGC-ৰ GGS ত মঙলবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।GGS ৰ ভিতৰত থকা বাৰ্ড হিটাৰ বিস্ফোৰণ ঘটাৰ ফলত জুইৰ অগ্নিকাণ্ডৰ শিখাই আগুৰি ধৰে GGS ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ বৰহোলাৰ শিলডুবিস্থিত ONGC-GGSত মঙলবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।GGSৰ ভিতৰত থকা বাৰ্ড হিটাৰ বিস্ফোৰণ ঘটাৰ ফলত জুইৰ অগ্নিকাণ্ডৰ শিখাই আগুৰি ধৰে GGS

এই ঘটনাত এজন অভিযন্তা অগ্নিদ্বগ্ধ হৈ মৃত্যু হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে হয়৷ গুৰুতৰভাৱে আহতসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ইফালে অগ্নিকাণ্ডৰ পিছতে আতংকিত হৈ পৰে শিলডুবি আৰু গড়াজান অঞ্চল৷

মঙলবাৰে দিনৰ ৩ বজাত সংঘটিত এই অগ্নিকাণ্ডত শোক প্ৰকাশ কৰি স্থানীয় ৰাইজে ONGC-ৰ সুৰক্ষা ব্যৱস্থাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে । আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই অভিযোগ কৰি কয় যে ONGC-ক উক্ত ঠাইত এখনচিকিৎসালয় নিৰ্মাণৰ বাবে বহু বাৰ আবেদন দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল ONGC কৰ্তৃপক্ষই ।

লগতে ONGC-ত সংঘটিত সাধাৰণ দুৰ্ঘটনাৰ বাবেই আঘাতপ্ৰাপ্তক তিতাবৰ বা যোৰহাটলৈ নিব লগা হয় বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । আজি সংঘটিত ঘটনাৰ সঠিক তদন্তৰ দাবী জনায় ONGC কৰ্তৃপক্ষক শীঘ্ৰে এখন চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত লবলৈ আহ্বান জনায় আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ।

উল্লেখযোগ্য যে, পূৰ্বৰ এক অনুৰূপ ঘটনাৰ উদাহৰণ দি আজিৰ ঘটনাৰ বাবে ONGC-ক জগৰীয়া কৰে স্থানীয় লোকে ।

অ’এনজিচি