গেছ নিৰ্গমন কেতিয়া সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰিব পৰা যাব সেই বিষয়ে সঠিককৈ কব নোৱাৰে অ ’এন জি চিয়ে...

আমাৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে সুন্দৰকৈ কাম কৰি আছে। আমি দেশৰ লগতে বিদেশৰ বিশেষজ্ঞৰ সৈতে কথা পাতি তেওঁলোকৰ পৰামৰ্শ অনুসৰি কাম কৰি গৈছো ....

author-image
Asomiya Pratidin
New Update
াাা

ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ভটিয়াপাৰ বাৰীচুকৰ অ এন জি চিৰ ১৪৭(ক) তৈলখাদ আৰু ১৩৫ নম্বৰ ৰিগত বিগত ১২ জুনৰ পৰা বৰ্তমানলৈকে গেছ নিৰ্গমন হৈ থকা সন্দৰ্ভত অৱশেষত মুখ খুলিলে অ’ এন জি চি কৰ্তৃপক্ষই। 

Advertisment

আজি ভটিয়াপাৰ বনগাঁও হাইস্কুলত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত সংবাদমেল সম্বোধন কৰি অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰী নেত্ৰমে কয়, গেছ নিয়ন্ত্ৰণৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। গেছ নিৰ্গমনৰ বিষয়টো আমি সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছো ।পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণতেই আছে । কিন্তু গেছ নিৰ্গমন কেতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব সেই বিষয়ে এতিয়াও সঠিককৈ কব নোৱাৰি।

তেওঁ লগতে কয় যে, আমাৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে সুন্দৰকৈ কাম কৰি আছে। আমি দেশৰ লগতে বিদেশৰ বিশেষজ্ঞৰ সৈতে কথা পাতি তেওঁলোকৰ পৰামৰ্শ অনুসৰি কাম কৰি গৈছো। গেছ নিৰ্গমন হোৱা অংশত পানী মাৰি শীতলীকৰণ কাৰ্য্য অতি জৰুৰী আৰু বিশেষজ্ঞসকলে এই পৰামৰ্শ আগবঢ়াইছে। গতিকে সেই কাৰ্য্য আমি অব্যাহত ৰাখিছো । আমাৰ বি অ পিৰ সকলো কাৰিকৰী দিশ ঠিকেই আছিল।

লক্ষণীয় যে, অ ’এন জি চিয়ে যি স্থানৰ পৰা তৈলখনন কৰিছে সেইস্থানৰ উন্নয়নৰ বাবেও অ ’এন জি চিয়ে কাম কৰি আছে বুলিও অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰী নেত্ৰমে সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে।

অ' এন জি চি