/asomiyapratidin/media/media_files/2025/07/24/ccccccccccc-2025-07-24-21-23-16.jpg)
ডিজিটেল ডেস্ক, নতুন দিল্লীঃ যোৰহাটৰ লোকসভা সাংসদ গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে সংসদত শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত অৱস্থিত অ’এনজিচি (ONGC)-ৰ গেছ নিৰ্গমনৰ ঘটনা উত্থাপন কৰি চৰকাৰী নিৰাপত্তা ব্যৱস্থা আৰু দায়বদ্ধতাৰ গুৰুত্বপূৰ্ণ অভাৱৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিগত ১২ জুন তাৰিখে ৰুদ্ৰসাগৰৰ RDS-১৪৭A কূপত সংঘটিত এই গেছ নিৰ্গমনৰ ফলত প্ৰায় ৩৫০টা পৰিয়ালে ঘৰ এৰি আশ্ৰয় শিবিৰলৈ গুচি যাবলৈ বাধ্য হৈছিল।
তেল অনুসন্ধানৰ সময়ত হোৱা বিস্ফোৰণৰ ফলত কূপটোৰ চাপ নিয়ন্ত্ৰণ ব্যৱস্থা সম্পূর্ণৰূপে বিফল হৈছিল। ইয়াৰ ফলত অঞ্চলটোত অবিৰতভাৱে গেছ নিৰ্গমিত হৈ গেছৰ প্ৰচণ্ড গোন্ধ আৰু উচ্চ শব্দৰে পৰিৱেশ দূষিত কৰিছিল। এই পৰিস্থিতিৰ প্ৰভাৱত বহু শিশুৰ মূৰৰ বিষ, বমি ভাব, উশাহ লোৱাত অসুবিধা আদি স্বাস্থ্য সমস্যা দেখা দিছিল।
ইফালে, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সংসদত দিয়া বিবৃতিত উল্লেখ কৰে যে, নিঃসৃত গেছৰ ৯৭.৫% মিথেন আছিল, যিটো বিষাক্ত নহয়। অৱশ্যে, উদ্ধাৰ কাৰ্য্যত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহায়ত ২৭ জুনত কূপটো নিয়ন্ত্ৰণত অনা হয়। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে প্ৰতি পৰিয়াল ২৫,০০০ টকাৰ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে আশ্ৰয় শিবিৰত পানী, চিকিৎসা সেৱা, খাদ্য আৰু অন্যান্য জৰুৰী সা-সুবিধাৰ যোগান ধৰে বুলি উল্লেখ কৰে।
আনহাতে, চৰকাৰৰ উত্তৰত অসন্তুষ্ট সাংসদ গগৈয়ে এই উত্তৰক অসম্পূৰ্ণ বুলি আখ্যা দি কয় যে - “অ’এনজিচিয়ে কেনেদৰে বেচৰকাৰী ঠিকাদাৰ সংস্থাৰ ওপৰত সংবেদনশীল আৰু জটিল কামবোৰ অর্পণ কৰিলে? স্থানীয় নিৰাপত্তা পৰীক্ষাৰ ফলাফল কিয় জনসাধাৰণৰ আগত প্ৰকাশ কৰা নহ’ল? চৰকাৰে এই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ কোনো স্পষ্ট উত্তৰ দিয়া নাই।”এনে উত্তৰে জৰুৰীকালীন পৰিস্হিতি নিয়ন্ত্ৰনৰ ক্ষেত্ৰত অ'এনজিচিৰ চৰম বিফলতাহে উন্মোচন কৰিছে।
যোৰহাটৰ সাংসদগৰাকীয়ে দাবী জনায় যে, অ’এনজিচিৰ দৰে ৰাজহুৱা খণ্ডৰ সংস্থাৰ পুৰণি আৰু জটিল গেছ-তেল কূপসমূহৰ ক্ষেত্ৰত স্বতন্ত্ৰ পৰ্যবেক্ষণ আৰু নিৰীক্ষণ ব্যৱস্থা গঠন কৰা অত্যাৱশ্যক। লগতে, পৰিৱেশ আৰু জনস্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী গৱেষণা, স্থানীয় জনজাতি আৰু ক্ষতিগ্ৰস্ত জনগণৰ বাবে স্বচ্ছ আৰু সুবিচাৰপূৰ্ণ ক্ষতিপূৰণ ব্যৱস্থা আৰু অসমত তেল-গেছ উদ্যোগৰ বাবে বিশেষভাৱে নিৰ্ধাৰিত সুৰক্ষা নীতি প্ৰণয়ন কৰাৰ হকে দাবী উত্থাপন কৰে গৌৰৱ গগৈয়ে।
ইফালে, যদিও অ’এনজিচিয়ে বিগত পাঁচ বছৰত অসমত ৮,৪০০ কোটি টকাৰ বিনিয়োগ কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে সদৰি কৰে যে, “অৰ্থনৈতিক সম্ভাৱনাক পৰিৱেশ সংৰক্ষণ আৰু গণতান্ত্ৰিক জৱাবদিহিতাৰ সৈতে সমন্বয় কৰি আগবঢ়াব লাগিব।” তেওঁ এই সম্প্ৰসাৰিত দাবীসমূহ লৈ পেট্ৰলিয়াম মন্ত্ৰালয়লৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰি গঠনমূলক সংস্কাৰ, জৱাবদিহিতা,জনগণৰ আৰু পৰিবেশ সুৰক্ষাৰ বাবে দীৰ্ঘকালীন নীতি-ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাব বুলিও উল্লেখ কৰে।