Advertisment

ব্ৰাউন চুগাৰ সৰবৰাহৰ অপৰাধত হোজাইত এজনক ১২ বছৰ কাৰাদণ্ড

২০২২ চনৰ ২২ চেপ্তেম্বৰত হোজাইৰ লামডিং ৰেল আৰক্ষীয়ে লামডিং ৰেল ষ্টেচনত ৰছিদুল হকৰ পৰা এটা বেগত  ১ কেজি ২০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰি গ্ৰেপ্তাৰ কৰিছিল ৰছিদুল হকক। উক্ত গোচৰত লামডিং ৰেল আৰক্ষী থানাত ১০৮/২২ ত পঞ্জীয়ন হৈছিল গোচৰ। 

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ, লংকাঃ  হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে। সত্ৰ ন্যায়ধীশ আদালতে জুৰীয়াৰ ৰছিদুল হকক ১২ বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে ১ লাখ টকা জৰিমনা বিহে।

Advertisment

উল্লেখ্য যে, ২০২২ চনৰ ২২ চেপ্তেম্বৰত লামডিং ৰেল আৰক্ষীয়ে লামডিং ৰেল ষ্টেচনত ৰছিদুল হকৰ পৰা এটা বেগত  ১ কেজি ২০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰি গ্ৰেপ্তাৰ কৰিছিল ৰছিদুল হকক। উক্ত গোচৰত লামডিং ৰেল আৰক্ষী থানাত ১০৮/২২ ত পঞ্জীয়ন হৈছিল গোচৰ। 

অত দিনে বিচাৰ প্ৰক্ৰিয়া চলি আছিল হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতত। আজি হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতে পদকীয়া ৰছিদুল হকক NDPS Act. 21 C ধাৰাত দোষী সাব্যস্ত কৰে।  উক্ত গেচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল আদালতৰ চৰকাৰী অধিবক্তা অমৰ জ্যোতি শইকীয়াই। 

হোজাই