/asomiyapratidin/media/media_files/2025/04/23/44hVJhCh0RzTWVDGPMhv.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক বুনিয়াদ মজবুত কৰাত নিঃস্বাৰ্থ অৱদান আগবঢ়াই যোৱা তেওঁ আছিল এগৰাকী সদা সক্ৰিয় ছাত্ৰ নেতা। নিজৰ আত্মোস্বৰ্গী সাংগঠনিক সক্ষমতাৰ লগতে সৰ্বসমাদৃত গুণৰ বলত ছাত্ৰ সংগঠনটোৰ আঞ্চলিক পৰ্য্যায়ৰ পৰা ক্ৰমে মহকুমা আৰু জিলা পৰ্য্যায়ত নিজৰ ব্যুৎপত্তি প্ৰদর্শনত সফল হোৱা এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ নাম বিষ্ণু বৰুৱা ।
একালত সংগ্ৰামী ছাত্ৰ সংগঠনটোৰ শতাধিক ছাত্ৰ কৰ্মীৰ বেষ্টনীৰে আবৃত হৈ ইটোৰ পাছত সিটো ৰাজহুৱা অভাৱ সমস্যাৰ বিষয়ত, ৰাইজৰ সংকটকালত, ছাত্ৰ সমাজৰ সৰ্বাংগীন উত্তৰণৰ স্বাৰ্থত উদাত্ত কণ্ঠেৰে থিয় দি প্ৰাপ্য আজুৰি অনাৰ যুঁজত সন্মুখৰ পৰা যুঁজি যোৱা এইগৰাকী প্ৰাক্তন ছাত্ৰ সংগ্ৰামী এতিয়া জীৱন যুঁজত ধৰাশায়ী । সামূহিক কল্যাণৰ প্ৰতি সংকট আহিলেই মুষ্টিবদ্ধ শক্তিৰে ছাত্ৰ সংগঠনটোৰ বেনাৰত সংগ্ৰামী ছাত্ৰ কৰ্মীসকলৰ সহযোগত শক্তিৱন্ত হৈ থিয় দিয়া এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই এতিয়া নিসংগতাৰে যুঁজি আছে ৰোগাক্ৰান্ত জীৱনৰে ।
কাষত সহধৰ্মিনী আৰু এটি কন্যা শিশু । ঢকুৱাখনা নগৰৰ ২ নং ৱাৰ্ডৰ ঘাঁহিগাঁও নিবাসী বিষ্ণু বৰুৱা সুদীর্ঘ দিন ধৰি আক্ৰান্ত হৈ আহিছে বৃক্কজনিত ৰোগত। শেহতীয়াভাৱে চিকিৎসকে বৰুৱাৰ আত্মীয়ক জনাইছে বৰুৱাৰ দুয়োটা বৃক্ক ইতিমধ্যে সম্পূৰ্ণৰূপে বিকল হোৱাৰ পথত ।
সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নেফ্ৰ'লজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডা০ মঞ্জুশ্ৰী শৰ্মাৰ অধীনত ১১৫ নম্বৰৰ বিছনাত চিকিৎসাধীন ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক, উপদেষ্টা, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আৰু একালৰ ( ১৯৯৭) ঢকুৱাখনা মহাবিদ্যালয়ৰ "লৌহমানৱ" খিতাপধাৰী বিষ্ণু বৰুৱা ।
অন্য বহু গৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ দৰে ঈর্ষণীয় স্থাৱৰ- অস্থাৱৰ ধন সম্পত্তিৰ গৰাকী হ’বলৈ হাবিয়াস নকৰি সঞ্চিত পুঁজিৰে এখন ই- ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা হাস্যমুখী বিষ্ণু বৰুৱাক এতিয়া জীৱন জীয়াবলৈ প্ৰয়োজন সপ্তাহত তিনিদিনকৈ "ডায়েলাইছিছ"ৰ । প্ৰাথমিক স্তৰত বৰুৱাৰ আত্মীয়ই সাধ্য অনুসৰি চিকিৎসকৰ পৰামৰ্শ মতে নিয়মিত হাৰত এই চিকিৎসা প্ৰদান কৰি আহিছিল । কিন্তু দীৰ্ঘদিনীয়া ধাৰাবাহিক চিকিৎসাৰ পৰৱৰ্তী সময়ত দৈন্যতাই জুমুৰী দি ধৰিছে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ লগতে পত্নী কন্যাক ।
চিকিৎসকৰ কঠোৰ পৰামৰ্শৰ বিপৰীতে দুৰ্ভগীয়া বিষ্ণু বৰুৱাৰ পৰিয়ালৰ নিঃস্ব অৱস্থাই উদ্বিগ্ন কৰি তুলিছে ৰোগীৰ লগতে আত্মীয়ক । প্রচণ্ড মানসিক আৰু কায়িক শক্তি সম্পন্ন বৰুৱাই এতিয়া নৰিয়া আৰু দৈন্যতাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বিকল্প নোহোৱা অৱস্থালৈ গতি কৰিছে । ক্ৰমাৎ আৰ্থিকভাৱে হৈ পৰিছে সৰ্বশ্ৰান্ত ।
ঢকুৱাখনাৰ সমাজ জীৱনৰ লগতো জড়িত, প্ৰাক্তন আছু নেতাগৰাকীৰ চিকিৎসা ব্যয় আৰু এনে তীব্ৰ প্ৰত্যাহ্বানসূচক জীৱন যুঁজৰ মোকাবিলা কৰিবলৈ উপায়ন্তৰ বিষ্ণু বৰুৱাৰ পত্নী মিনাশ্ৰী ফুকনে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, বিধায়ক, সাংসদ, শুভানুধ্যায়ী ৰাইজ, সুহৃদৰ ওচৰত সহায় ভিক্ষা মাগিছে । বৰুৱাৰ মুখত এমোকোৰা হাঁহি বিৰিঙাবলৈ, তেওঁৰ চিকিৎসাত সহায়ক হ’বলৈ পত্নীয়ে আৰ্থিক সহযোগিতা বাবে সকাতৰ প্ৰাৰ্থনা জনাইছে সকলোলৈ ।
উল্লেখযোগ্য যে, বৰুৱাৰ পত্নী মিনাশ্ৰী ফুকনে তেওঁৰ ঢকুৱাখনা শাখাৰ PUNJAB NATIONAL BANK, Minashri Phukan A/c No 0631010248181, IFSC- PUNB0063120 New MICR- 787024512 নম্বৰৰ একাউণ্টযোগে আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছে ।