পানীত পৰি অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়াললৈ এককালীন সাহায্য বিধায়ক নৱ দলেৰ...

ৰাজ্যৰ  দুৰ্যোগ সাহায্য পুঁজি শিতানৰ পৰা আৱন্টন দিয়া ৪ লাখ টকাৰ চেক অৰ্পণ

author-image
Asomiya Pratidin
New Update
পানীত পৰি অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়াললৈ এককালীন সাহায্য বিধায়ক নৱ দলেৰ...

MLA Naba Dale

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খজুৱা কুম্বাং গাঁৱৰ এটা নিঃস্ব পৰিয়াললৈ সোমবাৰে এককালীন অৰ্থ সাহায্য প্ৰদান বিধায়ক নৱ দলেৰ। উল্লেখ্য যে যোৱা ৩০ জুনত ডাংধৰা পঞ্চায়তৰ কৰ্মঠ ব্যক্তি চিৰ কুমাৰ পেগুৱে কৰ্তব্যৰত অৱস্থাত গহপুৰত বানত উটি গৈ অকাল মৃত্যুক সাৱটি লৈছিল।

Advertisment

বিধায়ক দলেয়ে সোমবাৰে মহকুমাধিপতি অৰিন্দম বৰুৱা, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , পৌৰ সভাৰ সভাপতি ৰাজীৱ দাস, ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, মণ্ডল সভাপতি সুনীল দলে আদিৰ উপস্থিতিত প্ৰয়াত চিৰ কুমাৰ পেগুৰ পত্নী জয়ন্তী মুন্ডা কুম্বাংৰ হাতত ৰাজ্যৰ  দুৰ্যোগ সাহায্য পুঁজি শিতানৰ পৰা আৱন্তন দিয়া ৪ লাখ টকাৰ চেক অৰ্পণ কৰে ।

ইয়াৰ পূৰ্বে বিধায়ক গৰাকীয়ে ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ উদ্যোগত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত  লেচেৰা মিৰি আদৰ্শ অংগনৱাদী কেন্দ্ৰ আৰু অভয়পুৰ লাচন আদৰ্শ অংগনৱাদী কেন্দ্ৰ দুটাৰ লগতে হিলৈদাৰী গাঁও আৰু দুলিয়া গাঁওত  অৱস্থিত জলসিঞ্চন বিভাগৰ সৌৰশক্তি আৰু বৈদ্যুতিক প্ৰযুক্তিৰে পৰিচালিত দুটা জলসিঞ্চন প্ৰকল্পৰো শুভ উদ্ধোধন কৰে ।

dhakuakhana naba dale