ওৱান ষ্টেচন, ওৱান প্ৰডাক্ট আঁচনিৰ অধীনত কেন্দ্ৰৰ বিশেষ পদক্ষেপ...

সমগ্ৰ ভাৰতৰ ৰে’ল ষ্টেচনসমূহত স্থানীয় শিল্পকলা আৰু সামগ্ৰীৰ প্ৰচাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে লৈছে বিশেষ পদক্ষেপ। ওৱান ষ্টেচন, ওৱান প্ৰডাক্ট চমুকৈ অ’ এছ অ’ পি নামেৰে ৰূপায়ণ কৰিছে এক বিশেষ আঁচনি

author-image
Asomiya Pratidin
New Update
sgsrh

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰতৰ ৰে’ল ষ্টেচনসমূহত স্থানীয় শিল্পকলা আৰু সামগ্ৰীৰ প্ৰচাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে লৈছে বিশেষ পদক্ষেপ। ওৱান ষ্টেচন, ওৱান প্ৰডাক্ট চমুকৈ অ’ এছ অ’ পি নামেৰে ৰূপায়ণ কৰিছে এক বিশেষ আঁচনি। 

Advertisment

এই আঁচনিৰ অধীনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনসমূহ প্ৰদৰ্শন কৰা হ’ব নিৰ্দিষ্ট অঞ্চলটোৰ শিল্পকলাৰ লগতে সমগ্ৰীসমূহ। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে এই আঁচনিৰ অধীনত ১,৮৫৪টা আউটলেটত কাৰ্যকৰী কৰা হৈছে। প্ৰদৰ্শন কৰা হৈছে ভাৰতৰ চহকী আৰু বৈচিত্ৰময় স্থানীয় সামগ্ৰীসমূহ।

উল্লেখযোগ্য যে এই আঁচনিখনৰ মূল লক্ষ্য হৈছে স্থানীয় উদ্যোগীসকলক স্থিতিশীলতা আৰু নিয়োগৰ সুযোগ প্ৰদান কৰা। একেদৰে মহিলা উদ্যোগীসকলকো পুৰুষৰ সমান্তৰালকৈ উদ্যমী কৰা আৰু আৰ্থিকভাৱে স্বচ্চল কৰা।

indian railway india