বেকাজানত বুজন পৰিমাণৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

তিতাবৰ সমজিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেলৰ নেতৃত্বত যোৱা আৰক্ষীয়ে নিশা অসম-নাগালেণ্ড সীমান্তৰ বেকাজান  ৩৬ ঘৰীয়া  গাঁৱৰ পিটি গগৈৰ লোকজনৰ ঘৰৰ পৰা অভিযান চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
ganja

ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ বেকাজানত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি শুকুৰবাৰে নিশা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ।  তিতাবৰ সমজিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেলৰ নেতৃত্বত যোৱা আৰক্ষীয়ে নিশা অসম-নাগালেণ্ড সীমান্তৰ বেকাজান  ৩৬ ঘৰীয়া  গাঁৱৰ পিটি গগৈৰ লোকজনৰ ঘৰৰ পৰা অভিযান চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে।

Advertisment

আৰক্ষীয়ে কেইবা কেজি ভাংসহ পিটি গগৈক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান অঞ্চলত পিটি গগৈয়ে ভাংৰ ৰমৰমীয়া বেহা  চলাই আহিছিল ।

পৰিতাপৰ কথা যে  তিতাবৰৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি ভয়াবহভাৱে বৃদ্ধি পাইছে ড্ৰাগছ, ভাং সেৱনকাৰীৰ লগতে সৰবৰাহকাৰীৰ । ইপিনে সমজিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেলৰ নেতৃত্বত আৰক্ষীৰ কঠোৰ অভিযানত  গাঞ্জা, ড্ৰাগছ সেৱনকাৰী এজন এজনকৈ আৰক্ষীৰ জালত পৰিছে যদিও বৃহৎ ব্যৱসায়ীৰ নেটৱৰ্ক উৎখাত কৰিবলৈ এতিয়াও বাকী আছে।

তিতাবৰ সমজিলাৰ আৰক্ষীয়ে অধীক্ষক তৰুণ গোৱেলে মাদক দ্ৰব্য সৰবৰাহ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ কৰি বহু ড্ৰাগছ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিছে। । আৰক্ষীয়ে পিটি গগৈৰ পৰা গাঞ্জা সহ বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু ম'বাইল ফোন জব্দ কৰে  ।

বেকাজান