/asomiyapratidin/media/media_files/2025/01/07/DhfO5mCLOQLbiFrDNvrt.png)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ডিমাহাচাও জিলাৰ উমৰাংছু কালামাটি কয়লাখনিত আৱদ্ধ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা মাজেৰগাঁৱৰ খুশিমোহন ৰায় নামৰ এজন লোক। ঘটনাৰ খবৰ পাই কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। শীঘ্ৰে উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷
উল্লেখযোগ্য যে, ডিমা হাছাওৰ আছাম কুৱেৰি কয়লা খনিত আৱদ্ধ খুশিমোহন ৰায় প্ৰায় ডেৰমাহ পূৰ্বে কৰ্মৰ সন্ধানত উমৰাংছুলৈ গৈছিল। তাতে কয়লাখনিত শ্ৰমিক হিচাপে কাম কৰিবলৈ লয় ৰায়ে ৷ পত্নীসহ দুই পুত্ৰ আৰু দুগৰাকী কন্যাৰ পিতৃ তেওঁ।
দুই পুত্ৰ ক্ৰমে সুবিত ৰায় আৰু সুভাষ ৰায় ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে গুজৰাটত আৰু অৰুণাচলত শ্ৰমিক হিচাপে কৰ্মৰত। ইফালে দুগৰাকী জীয়ৰীৰ ভিতৰত এগৰাকী শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত আৰু আনগৰাকী অষ্টমমান শ্ৰেণীত চিথিলা এমভি স্কুলত অধ্যয়নৰত৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us