New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5ea1ae30-3835-43cd-97f6-c3f39758ed9d/5.avif)
ডিজিটেল সংবাদ,চৰাইদেউঃ ৰাজ্যৰ এতিয়া জাপানী এনকেফ্লাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ শুকুৰবাৰে জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ লাকুৱা টিপমীয়া গাঁৱৰ এগৰাকী ব্যক্তি জাপানী মৃত্যু হোৱা খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
মৃত্যু হোৱা লোকজনৰ নাম প্ৰদীপ বাইলুং (৬৩) বুলি জানিব পৰা গৈছে ৷ উল্লেখ যে, গ্ৰামাঞ্চলটোৰ নিবাসী প্ৰদীপ বাইলুং নামৰ ব্যক্তিগৰাকীৰ আৰম্ভণিতে জ্বৰ হোৱাত প্ৰথমে লাকুৱা মডেল চিকিৎসালয়ৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পাছত তেজ পৰীক্ষাৰ অন্তত জে ইৰ বীজাণু ধৰা পৰাত ডিমৌ চ্যুকাফা মাল্টিস্পেচিয়েলিটি হস্পিতেলত ভৰ্তি কৰা হয়।
অৱশ্যে মগজুত আক্ৰান্ত হোৱাৰ ফলত ব্যক্তিগৰাকী প্ৰায় অচল হৈ পৰাত বিগত কেইবাদিনো ঘৰতে চিকিৎসা কৰি থকাৰ পাছত শনিবাৰে মৃত্যু ঘটে । ইফালে লাকুৱাৰ উজনি কোঁৱৰ গাঁৱতো আন দুজন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ বুলি জানিব পৰা গৈছে ।
Also Read: উত্তপ্ত বাংলাদেশঃ ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষত ১০৫ জনৰ মৃত্যু