/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bcbbbb3c-45ba-4689-8246-00ca27fef8cd/goalpara_20.jpg)
বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত পুনৰ এজনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বিশেষকৈ গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। নিশা গোৱালপাৰাৰ লক্ষীপুৰত হাতীৰ আক্ৰমণত পুনৰ মৃত্যু হ'ল এজন লোকৰ।
নিহত লোকজনৰ নাম মাৰ্ছেল চাংমা। জানিব পৰা মতে নিশা পহৰা দি থকাৰ অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে মাৰ্ছেল চাংমাক। ফলত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে বিগত দিন কেইটাত চূড়ান্ত ৰূপ ধাৰণ কৰিছে।
বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে বাট ভেটি ধৰ পথৰ বাহন আক্ৰমণ কৰা লগতে ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ তহিলং কৰিছে।
মাত্ৰ কেইটামান দিন পূৰ্বে শিশু সহ একেটা পৰিয়ালৰ ৩ জনকৈ লোক হাতীৰ আক্ৰমণত মৃত্যু হৈছে।
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনঃ কৃষি বিভাগৰ কেলেংকাৰী, সীমান্তৰ উত্তেজনাই উত্তাল কৰিব সদন...