Advertisment

তিতাবৰত বিধ্বংসী অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এজন

তিতাবৰৰ অগ্নিনিবাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ পাছত অগ্নিদগ্ধ হোৱা ব্যক্তিগৰাকীৰ মৃতদেহ তিতাবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
New Update
sdsd

ডিজিটেল সংবাদ,তিতাবৰঃ   ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰত সংঘটিত হয় এক হৃদয়স্পৰ্শী ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে দাহ গ'ল এজন লোক। মঙলবাৰে নিশা ১০ বজাত তিতাবৰৰ মিলন নগৰত সংঘটিত অগ্নিকাণ্ডটোত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰিও শংকু দাস নামৰ ৩৫ বছৰীয়া এগৰাকী ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয়।

Advertisment

জানিব পৰা মতে, মৃত্যু হোৱা লোকজন পৰিয়ালটোৰ মূৰব্বী আছিল। তিতাবৰৰ অগ্নিনিবাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ পাছত অগ্নিদগ্ধ হোৱা ব্যক্তিগৰাকীৰ মৃতদেহ তিতাবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে।

পত্নী তথা এটি সন্তানৰ সৈতে তিতাবৰ মিলন নগৰৰ এই বাসগৃহটোতে ভাড়াতীয়া হিচাপে থাকি তিতাবৰৰ পদপথত ফাষ্ট ফুডৰ দোকান দি পৰিয়াল পোহপাল দি আছিল শংকু দাসে। কি পৰিস্থিতিত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল সেই বিষয়ত তিতাবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অন্যহাতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাৰ ভাগতে প্ৰেৰণ কৰিছে।

 

তিতাবৰ