New Update
/asomiyapratidin/media/media_files/2025/03/29/WIQBbv1tX6dTEjybahJk.jpg)
- লংকাত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন লোকৰ।
- এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।
- উল্লেখ্য যে শুকুৰবাৰে তীব্ৰবেগী বাইকে মহতিয়াই নিছিল পথত খোজকাঢ়ি থকা এজন লোকক।
- লংকাৰ পশ্চিম ডাবলঙত সংঘটিত হৈছিল এই ঘটনা।
- শুকুৰবাৰে সন্ধিয়া সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সূৰ্য কান্ত সিংহ।
- ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছিল আহত লোকজনক।
- তাৰোপৰি আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাই হাম হাস্পতালত নিছিল যদিও নিশা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
- ইয়াৰ পাছতেই একাংশ লোকে লংকা থানাত উপস্থিত হৈ বাইক চালকৰ দৌৰাত্ম বন্ধ কৰাৰ দাবীত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।