মৰিগাঁৱত অঘটন: বজ্ৰপাতত এজনৰ মৃত্যু...

মৰিগাঁৱত বজ্ৰপাতত এজনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত অঘটন: বজ্ৰপাতত এজনৰ মৃত্যু...

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মৰিগাঁও মিকিৰভেটাত এটা বামগৃহত বজ্ৰপাত পৰি বাসগৃহত জুই লাগি অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু হয়। পুৱাৰে পৰা হোৱা বৰষুণৰ মাজতে হোৱা বজ্ৰপাতৰ ফলতে এই ঘটনাটো সংঘটিত হয়৷

Advertisment

উল্লেখযোগ্য যে হাৰুন আলী নামৰ লোকজনে পথাৰৰ খেতিবাতিৰ বাবে নিৰ্মাণ কৰি লৈছিল গৃহটি৷ পুৱাই বৰষুণৰ বাবে গৃহটিত সোমাই থকা অৱস্থাত বজ্ৰপাত পৰি এই মৰ্মান্তিক ঘটনা সংঘটিত হয়৷ ঘটনাস্থলীত মিকিৰভিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

Also Read: মুছলপুৰত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

morigaon