ঢকুৱাখনাত ডাম্পাৰৰ খুন্দাত নিহত এজন...

বাঁহপৰা  গাঁৱৰ নবজ্যোতি গগৈয়ে( ৫১) বালিগাঁওস্থিত ঘৰৰ পৰা চাইকেলেৰে ঢকুৱাখনা নগৰৰ নিজা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহি থকা অৱস্থাতে পাঞ্জাৱ নেচনেল বেংকৰ সন্মুখত এ আৰ ২২-৪৩৬১ নম্বৰৰ এখন ডাম্পাৰে মহতিয়াই নিয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় এজন লোকে । তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱাই এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে ।

Advertisment

ঢকুৱাখনা নগৰৰ মাজমজিয়াত বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত সংঘটিত পথ দুৰ্ঘটনাত নৱজ্যোতি গগৈ নামৰ এগৰাকী থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ অকাল বিয়োগ ঘটে । বাঁহপৰা  গাঁৱৰ নবজ্যোতি গগৈয়ে( ৫১) বালিগাঁওস্থিত ঘৰৰ পৰা চাইকেলেৰে ঢকুৱাখনা নগৰৰ নিজা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহি থকা অৱস্থাতে পাঞ্জাৱ নেচনেল বেংকৰ সন্মুখত এ আৰ ২২-৪৩৬১ নম্বৰৰ এখন ডাম্পাৰে মহতিয়াই নিয়ে ।

ঢকুৱাখনা ১০৮ জৰুৰীকালীন সেৱাক অৱগত হোৱাত ক্ষীপ্ৰতাৰে গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহত ব্যক্তিজনক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও মৰ্মান্তিকভাবে ব্যক্তিজনক মৃত ঘোষণা কৰে চিকিৎসকে ।

নিৰীহ ব্যক্তিগৰাকীৰ আকস্মিক বিয়োগৰ খবৰ পাই অগণন ৰাইজ চিকিৎসালয়ত উপস্থিত হয় আৰু ঘাটক চালকজনক প্ৰাণদণ্ড দিয়াৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে । আৰক্ষীয়ে ইতিমধ্যে ঘাটক ডাম্পাৰখনক জব্দ কৰাৰ লগতে চালকজনকো গ্ৰেপ্তাৰ কৰিছে ।

উক্ত ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাইজে দাবী জনায় যে বিয়লি ৪ বজাৰ পৰা আৰু পুৱা ১০ বজা পৰ্যন্ত ঢকুৱাখনা নগৰত এনে ঘাটক ডাম্পাৰৰ চলাচল বন্ধ কৰিব লাগে । নাগৰিকৰ জীৱনক লৈ হেতালি খেলি এনেবোৰ ডাম্পাৰৰ মাৰাত্মক প্ৰৱেশ ৰোধ নকৰিলে আৰু এনে মৰ্মান্তিক ঘটনাৰ পুনৰাবৃত্তি ঘটিব বুলি কৈ প্ৰশাসনে নকৰিলে ৰাইজে ঐক্যবদ্ধ হৈ ইয়াৰ ব্যৱস্থা কৰিব বুলি সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাক সকীয়াই দি চিকিৎসালয় চৌহদ উত্তাল কৰি তোলে । 

নিহত ডাম্পাৰ দুৰ্ঘটনা