/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
ডিজিটেল সংবাদ, মাজবাট : ওদালগুৰি জিলাৰ মাজবাটত সংঘটিত হৈছে অনাকাঙ্খিত ঘটনা। জানিব পৰা মতে মাজবাট ৰে'লৱে ষ্টেচনৰ সমীপত থকা LC Gate No 44 ৰ কাষত দেওবাৰে পুৱা প্ৰায় ১০-০০ বজাত ৰঙাপাৰাৰ পৰা প্ৰয়াগৰাজ অভিমুখে অহা 05831 নম্বৰৰ ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়।
মৃত লোকজনৰ নাম নিৰ্মল দেৱ ওৰফে তুলসী দেৱ। তেওঁৰ বয়স হৈছিল প্ৰায় ৫৫ বছৰ। নিহত লোকজনৰ ঘৰ মাজবাটৰ ২নং খুচুৰাবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।