বৈঠালাংছ’ত ট্ৰেক্টৰৰ চেপাত নিহত এজন

পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাপ কলনিস্থিত নেপালী গাঁৱত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাপ কলনিস্থিত নেপালী গাঁৱত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নম্বৰবিহীন এখন মাটি কঢ়িওৱা ট্ৰেক্টৰে মাটি নমাবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হোৱাত এজন লোক থিতাতে নিহত হয় ৷

Advertisment

মৃত লোকজন লংজাপ কলনিস্থিত নেপালী গাঁৱৰ সুৰেশ দাস বুলি জানিব পৰা গৈছে ৷ স্থানীয় প্ৰত্যক্ষদৰ্শী তথা পৰিয়ালৰ লোকে অভিযোগ দিয়ামতে ট্ৰেক্টৰখনত দুজন চালক আছিল যদিও প্ৰকৃত চালকক নমাই অনভিজ্ঞ চালকজনে মদ্যপান কৰি দ্ৰুতগতিত ট্ৰেক্টৰখন নিবলৈ ধৰোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টি পৰ্যবেক্ষণ অব্যাহত ৰাখিছে ৷

karbi aanglong