ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীলৈ শিক্ষক সন্মিলনীৰ স্মাৰক পত্ৰ...

নগাঁও, কলিয়াবৰ আৰু হোজাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি-সম্পাদকৰ নেতৃত্বত প্ৰায় ১০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ কাৰ্যসূচীত অংশগ্রহণ

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীলৈ শিক্ষক সন্মিলনীৰ স্মাৰক পত্ৰ...

One-hour sit-in programme

ডিজিটেল সংবাদ,কলিয়াবৰঃ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ঘোষিত কাৰ্যসূচী মৰ্ম্মে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমৰ্থনত মঙ্গলবাৰে সমগ্র অসমৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্রীলৈ নিম্ন লিখিত দাবীৰ সমৰ্থনত ১ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

দাবী সমূহ- (১) পুৰণি পেঞ্চন নীতি বাহাল (২) সকলো প্ৰকাৰৰ ঠিকাভিত্তিক শিক্ষক নিয়মীয়াকৰণ (৩) ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত থকা শিক্ষক বিৰোধী সকলো দফা প্ৰত্যাহাৰ কৰা (৪) দেশৰ সকলো ৰাজ্যতে সপ্তম দৰমহা বিধি প্ৰয়োগ কৰি,বিধিমতে প্ৰাপ্য আদায় দিয়া (৫) শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশিদাৰিত্ব বন্ধ কৰা।

নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত নগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি -সম্পাদক ক্ৰমে প্ৰফুল্ল বৰা, প্ৰণৱজোতি বৰাৰ উপস্থিতিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি ভৈৰৱ মহন্তই জিলা শিক্ষা বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে।

নগাঁও, কলিয়াবৰ আৰু হোজাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি -সম্পাদকৰ নেতৃত্বত প্ৰায় ১০০ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীয়ে কাৰ্যসূচীত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, ছাত্রীৰ শৈক্ষিক দিশলৈ লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠদান চলাই ৰাখি নিৰ্দিষ্ট সংখ্যক প্ৰতিনিধিৰে কাৰ্যসূচী ৰূপায়ন কৰা হয়।

assam govt