/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c12b6e5c-4d1c-4b14-89b7-863890e01e24/asomiyapratidin_2022_10_1ab1a520_a428_44a8_8f6e_7c6c951f3a26_download.avif)
ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু হৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়া আটি গাঁৱৰ এজন লোক নিশাৰীৰ বাঢ়নী পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
জানিব পৰা মতে মহগৰিয়া আটি গাঁৱৰ ৰবীন্দ্ৰ নাথ (৪৯) নামৰ লোকজন শুকুৰবাৰে নিজ ঘৰৰ পথাৰলৈ ঘাহ কাটিবলৈ যোৱাৰ পৰাই সন্ধানহীন হয়। লোকজন সন্ধানহীন হোৱাৰ পিছতে আত্মীয়ই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰা নাছিল ।
শনিবাৰে বিয়লি লোকজন পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। পিছত কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
Also Read: স্থগিত NEET-PGপৰীক্ষা, অচিৰেই ঘোষণা হ’ব নতুন তাৰিখ...