/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/pro-1.jpg)
ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ যোজনাৰ বিৰুদ্ধে প্ৰতিবাদ। তেলেংগনাত অগ্নিপথ যোজনাৰ বিৰুদ্ধে কৰি থকা প্ৰতিবাদত এজন লোকৰ মৃত্যু হয়।
প্ৰতিবাদকাৰী সকলে চিকন্দৰবাদ ৰেলৱে ষ্টেচনত তিনিখকৈ ৰেলত অগ্নিসংযোগ কৰি দিয়ে, আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলীয়াই । এই প্ৰতিবাদৰ মাজতে নিহত হয় এগৰাকী প্ৰতিবাদকাৰী লগতে আহত হয় প্ৰায় ১৫ জনকৈ লোক।
ৰেলৱে ষ্টেচনটোৰ এগৰাকী ৰেল কৰ্মচাৰী বিষয়াই কয় য়ে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে ৪-৫ টা ইঞ্জিন, ২-৩ টা ডবাত জুই লগাই দিয়ে।
আৰু পঢ়ক: ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ…