শিক্ষাবিভাগৰ 'স্পকেন ইংলিছ' এপ'ৰ ওপৰত এদিনীয়া কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
শিক্ষাবিভাগৰ 'স্পকেন ইংলিছ' এপ'ৰ  ওপৰত এদিনীয়া  কৰ্মশালা...

dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা:  লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে ঢকুৱাখনাত ৰাজ্য চৰকাৰৰ  সদ্য প্ৰৱৰ্তিত 'স্পকেন ইংলিছ এপ'ৰ ওপৰত এখন দিনজোৰা কৰ্মশালা অনুষ্ঠিত কৰা হয়।  ঢকুৱাখনা মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত  চৰকাৰী খণ্ডৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান আৰু ইংৰাজী বিষয়ৰ শিক্ষাগুৰুসকলৰ উপস্থিতিত পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এই এদিনীয়া কৰ্মশালাখন অনুষ্ঠিত হয় । 

Advertisment

জিলা অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰা , পৰিষদৰ ৰাজ্যিক সমিতিৰ সদস্য অনন্ত কুমাৰ দাস ,  পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়া , বিশেষজ্ঞ প্ৰশিক্ষক ,নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাধুৰীমা ভূঞা ,ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপাংকৰ বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰে। শিক্ষা খণ্ড দুটাৰ ১০৯ খন বিদ্যালয়ৰ ১০৯ গৰাকী ইংৰাজী শিক্ষকৰ উপস্থিতিত জিলা পৰ্যায়ৰ এই কৰ্মশালাত বিশেষজ্ঞ প্ৰশিক্ষকসকলে অংশগ্ৰহণকাৰী শিক্ষকসকলক এই নব্য প্ৰৱৰ্তিত  এপ'ৰ সন্দৰ্ভত সমগ্ৰ কাৰিকৰী নীতি নিৰ্দেশনা  ,ব্যৱহাৰিক জ্ঞানযুক্ত প্ৰশিক্ষণ  প্ৰদান কৰি  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই সময়োপযোগী পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে উপযোগী কৰি তোলাত গুৰুত্ব আৰোপ কৰে ।

কৰ্মশালাতেই শিক্ষা খণ্ড দুটাৰ মুঠ ৫ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে ১০০ শতাংশ পঞ্জীয়ন সম্পূৰ্ণ কৰি এই পদক্ষেপলৈ ইতিবাচক আৰু আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হয়  । এই ৫ গৰাকী শিক্ষাগুৰুক  পৰিষদৰ তৰফৰ পৰা শিক্ষা খণ্ড দুটাৰ এই সম্পৰ্কীয়  পৰৱৰ্তী কাম কাজৰ গুৰু দায়িত্ব অৰ্পণ কৰি বিভাগীয় পদক্ষেপৰ সফল ৰূপায়ণৰ গধুৰ দায়িত্ব প্ৰদান কৰে জিলা অধিবিদ্যা পৰিষদে ।

DHOKUAKHANA