হাটশিঙিমাৰীত চি এছ চিৰ ৩ শতাধিক অপাৰেটৰক লৈ এদিনীয়া কৰ্মশালা...

হিতাধিকাৰী চি এছ চিৰ জৰিয়তে চৰকাৰী সুবিধা লাভ কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা

author-image
Asomiya Pratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা সাধাৰণ সেৱা কেন্দ্ৰ চমুকৈ চি এছ চিৰ কাৰ্যালয়ত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ৩ শতাধিক চি এছ চি অপাৰেটৰৰ মাজত এক কৰ্মশালা অনুষ্ঠিত কৰে।

Advertisment

উক্ত কৰ্মশালাত জিলা নিৰ্বাচনী বিষয়া বিভাস মেধী, অসম ৰাজ্য়িক এফ আই প্ৰৱন্ধক অৰ্ণব গোস্বামী, সহকাৰী প্ৰৱন্ধক হিমন্ত ডেকা আৰু প্ৰশান্ত দাস, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক ছায়েদ মুফতি আলম, জিলা সাধাৰণ সেৱা কেন্দ্ৰৰ প্ৰৱন্ধক গাজী ৰহমান এই কৰ্মশালাত উপস্থিত থাকে।

কৰ্মশালা উদ্যোগক্তা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, কৰ্মশালাৰ জৰিয়তে চি এছ চিৰ অপাৰেটৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। হিতাধিকাৰী সকলে চৰকাৰী আঁচনি সমূহৰ কেনেকৈ লাভ কৰিব সেই সন্ধৰ্ভত আলোচনা কৰে।

আৰু পঢ়কঃ কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, নতুন ঘৰৰ আশা পূৰণ হ'ল ৰুনাৰ...

assam south salmara man kachar