হস্তশিল্প উন্নয়ন আয়োগৰ উদ্যোগত কাজলগাঁৱত এদিনীয়া আলোচনাচক্ৰ

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ অধীনস্থ হস্তশিল্প উন্নয়ন আয়োগৰ উদ্যোগত আৰু চিৰাং অন্যতম স্বেচ্ছাসেৱী সংস্থা ছিফুং হাৰিমু আফাদৰ সহযোগত কাজলগাঁৱত হস্তশিল্প উন্নয়ন আয়োগৰ বিভিন্ন আচঁনিৰ সন্দৰ্ভত এদিনীয়া আলোচনাচক্ৰৰ লগতে কৰ্মশালা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
405

ডিজিটেল সংবাদ, চিৰাং : ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ অধীনস্থ হস্তশিল্প উন্নয়ন আয়োগৰ উদ্যোগত আৰু চিৰাং অন্যতম স্বেচ্ছাসেৱী সংস্থা ছিফুং হাৰিমু আফাদৰ সহযোগত কাজলগাঁৱত হস্তশিল্প উন্নয়ন আয়োগৰ বিভিন্ন আচঁনিৰ সন্দৰ্ভত এদিনীয়া আলোচনাচক্ৰৰ লগতে কৰ্মশালা অনুষ্ঠিত হয় । পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁত উৎপাদনৰ সৈতে জড়িত অৰ্দ্ধ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে এই আলোচনা তথা কৰ্মশালাত।

Advertisment

কাজলগাঁৱৰ হোটেল হিমালয়াত আয়োজিত এই এদিনীয়া কৰ্মশালাত মূলতঃ হস্ততাঁত আৰু হস্তশিল্পৰ উৎপাদিত সামগ্ৰী বিপণন, জি আই টেগ স্বীকৃতি, জি এচ টি কৰ সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনাচক্ৰ তথা কৰ্মশালাত উপস্থিত থাকে হস্তশিল্প উন্নয়ন আয়োগৰ উত্তৰ-পূৰ্বাঞ্চল ক্ষেত্ৰীয় সঞ্চালক এইচ কে বড়ো।

একেদৰে হস্তশিল্প উন্নয়ন আয়োগৰ সহকাৰী সঞ্চালক ইয়ামনাম যোগেশ্বৰী দেৱীসহ বহুকেইজন সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিষয়বস্তুৰ সন্দৰ্ভত আলোকপাত কৰে ।

chirang