/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-16-23-46.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে।এইবাৰ গৌৰীপুৰত বুজন পৰিমাণৰ নিচা জাতীয় টেবলেটসহ আটক এটা সৰবৰাহকাৰী। আটক হোৱা সৰবৰাহকাৰীটো সুভাষ পল্লীৰ সুৰজিত সূত্ৰধৰ বুলি জানিব পৰা গৈছে। মহামায়া পুখুৰীপাৰৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক।
/asomiyapratidin/media/post_attachments/72eb83a2-7ad.png)
উল্লেখ্য যে, সৰবৰাহকাৰীটোৰ পৰা ৯৬০টা কেপছুল আৰু ১৭০টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে। ইপিনে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/ed2548b9-98e.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us