Advertisment

মেৰাপানী সীমান্তত পুনৰ নিচাযুক্ত দ্ৰব্যসহ আটক এজন...

আটকাধীন মইনুলে নিজে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত আছিল । চি আৰ পি এফে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীক গতাই দিয়ে। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মেৰাপানীঃ নিচাযু্ক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । সমান্তৰালভাৱে পুনৰ মেৰাপানীত এজনক নিচাযুক্ত দ্ৰব্যসহ আটক কৰে আৰক্ষীয়ে ।

Advertisment

অসম-নগালেণ্ড সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফে এক গোপন সূত্ৰৰ পম খেদি মেৰাপানীৰ বালিগুৰিৰ পৰা মইনুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা চি আৰ পি এফে ১০ টা সৰু বাকচত ২৪ গ্ৰাম হেৰ'ইন আৰু নগদ ধনৰ লগতে দুটাকৈ ম'বাইল জব্দ কৰে। 

আটকাধীন মইনুলে নিজে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত আছিল । চি আৰ পি এফে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীক গতাই দিয়ে। 

নিচাযুক্ত দ্ৰব্য