/asomiyapratidin/media/media_files/2025/04/29/uzbuJibtCcE5MaAjaA8F.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। শিলচৰ মেহেৰপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৬০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট আৰু ৩৮৬ গ্ৰাম হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে।
হেৰ'ইনভৰ্তি প্ৰায় ৪০ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি। জব্দ কৰা য়াবা টেবলেট আৰু হেৰ'ইনৰ ক'লা বজাৰত মূল্য প্ৰায় ২০ কোটি টকা।
ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এই বুজণ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ফেচবুক একাউণ্টত কাছাৰ আৰক্ষীক ধন্যবাদ জনাইছে।