ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছ সৰবৰাহৰ গোচৰত এজন অভিযুক্তক দোষমুক্ত কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ হ'ল এজন আদালতৰ কৰ্মী। কাছাৰৰ লক্ষীপুৰ মহকুমা আদালতত "প্ৰচেছ চাৰ্ভাৰ" হিচাপে কৰ্মৰত নাহাৰুল ইছলাম চৌধুৰীক শুকুৰবাৰে শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
শিলচৰ মধুৰবন্দৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰৱঞ্চক জনক। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, নাহাৰুলে ইয়াৰ পূৰ্বে শিলচৰৰ কাছাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত একে পদত কাম কৰি আছিল।
সেই সময়ত তেওঁ ড্ৰাগছ সৰবৰাহৰ গোচৰত অভিযুক্তক মুক্তিৰ ব্যৱস্থা কৰিম বুলি কৈ এজন ব্যক্তিৰ পৰা ৩ লাখ টকা লৈছিল বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত কচুদৰম থানা এলেকাৰ বিদ্ৰোহীপাৰৰ নিবাসী আলিবক্স মজুমদাৰ নামৰ এজন ব্যক্তিয়ে শিলচৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।
তেওঁৰ অভিযোগ অনুসৰি, গোচৰৰ পৰা মুক্তি পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন লোৱাৰ পিছত নাহাৰুল ইছলামে অভিযুক্ত জনক মোকলাই আনিব নোৱাৰিলে। পিছত মজুমদাৰে নাহাৰুল ইছলামৰ পৰা টকা খিনি উভতাই বিচাৰে। পিচত বাধ্য হৈ নাহাৰুলে ২ লাখ ৪০ হাজাৰ টকাৰ দুখন চেক দিয়ে। কিন্তু বেংকত জমা দিয়াৰ পিছত চেক দুখন বাউন্স হৈ যায়।
ইয়াৰ পিচতে মজুমদাৰে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে নাহাৰুল ইছলামক। মধুৰবন্দ গাংপাৰৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হয় নাহাৰুল ইছলামক। গ্ৰেপ্তাৰৰ পিচত গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰা হ’ব প্ৰৱঞ্চক জনক।
শুকুৰবাৰে তেওঁক গুৱাহাটীলৈ নিবলৈ "ট্ৰেনজিট ৰিমাণ্ড" বিচাৰি শিলচৰৰ চিজেএমৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক তিনিদিনীয়া "ট্ৰেনজিট ৰিমাণ্ড" ত নিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰে।
প্ৰৱঞ্চক জনক আজি গুৱাহাটীলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।