/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/89318e73-5752-451b-be95-683799151810.jpg)
ডিজিটেল ডেস্কঃ ১৩ বছৰৰ মূৰত পুনৰ এবাৰ বজাৰলৈ আহিবলৈ সাজু হৈছে বাজাজ চেটক। এসময়ত ৰাজপথত অভিজাত্যৰ প্ৰতীক হৈ পৰা বাজাজ চেটকৰ প্ৰচলন ২০০৬ চনত বন্ধ হৈ পৰিছিল। সেই সময়ৰ বাজাজ কোম্পানীৰ স্বত্বাধিকাৰ ৰাহুল বাজাজে কোম্পানীৰ দায়িত্ব পুত্ৰ ৰাজীৱ বাজাজৰ হাতত অৰ্পণ কৰাৰ পিছতে কোম্পানীটোৰ নতুন স্বত্বাধিকাৰগৰাকীয়ে বাজাজ চেটকৰ নিৰ্মাণ বন্ধ কৰি দিছিল।
তেতিয়াৰে পৰা বজাৰত দেখিবলৈ নোপোৱা বাজাজ চেটকে এইবাৰ এক নতুন অৱতাৰ লৈ গ্ৰাহকৰ মাজলৈ অহাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। খবৰ অনুসৰি নতুন বাজাজ চেটকত থাকিব অট'মেটিক গিয়াৰ ব্যৱস্থা। কেইবাটাও ৰঙত উপলব্ধ হ'ব লগা বাজাজ চেটকত সংযোজন ঘটোৱা হৈছে আধুনিক প্ৰযুক্তিৰ। নতুন ৰূপৰ বাজাজ চেটকে পূৰ্বৰ দৰেই আকৌ এবাৰ গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে কোম্পানীটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us