/asomiyapratidin/media/media_files/2025/05/08/qKKYBYtkMr9DjOIbi6lg.png)
কাৰ কান্ধত পৰিব জাতীয় টেষ্ট দলৰ নেতৃত্বৰ ভাৰ, দৌৰত আছে বুমৰাহ- ৰাহুল, গীল- পণ্ট
ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত মাত্ৰ চাৰিশাৰী বাক্য লিখিয়েই ঘোষণা কৰিলে অৱসৰ। ভাৰতক ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া সংস্কৰণটোত নেতৃত্ব আৰু প্ৰতিনিধিত্ব কৰিবলৈ পায় তেওঁ সুখী। তেওঁ সুখী দেশবাসীৰ পৰা লাভ কৰা সমৰ্থনত।
এনদেৰেই কোনো সংবাদমেল সম্বোধন নকৰাকৈয়ে আই পি এল চলি থকাৰ মাজতে টেষ্ট ক্ৰিকেটক বিদায় জনালে হিটমেন ৰোহিত শৰ্মাই। হয়তো এই কথা পত্নী ৰিতিকায়ো গমেই পোৱা নাছিল ! সেয়ে স্বামী ৰোহিতৰ অৱসৰৰ পাছতে আবেগভৰা পোষ্টা আপলোড কৰি ভগ্ন হৃদয়ৰ ইমোজিৰে তেওঁৰ মনৰ ব্যথা প্ৰকাশ কৰিছিল।
এতিয়া ৰোহিত শৰ্মাৰ অৱসৰৰ পাছতে চৰ্চালৈ আহিছে ভাৰতীয় জাতীয় টেষ্ট দলৰ অধিনায়কত্বকলৈ। আসন্ন ইংলেণ্ড ভ্ৰমণত কোনে দিব ভাৰতীয় দলক নেতৃত্ব। কাৰ কান্ধত পৰিব অনাগত সময়ৰ বাবে স্থায়ী অধিনায়কৰ দায়িত্ব। এইলৈ এতিয়া দলীয় মেনেজমেণ্টৰ মাজত গুণাগাথা চলিছে।
উল্লেখযোগ্য যে, উচ্চস্তৰীয় সূত্ৰে জানিব পৰা মতে, চৰ্চাত আছে যশপ্ৰীত বুমৰাহৰ নাম। কিয়নো ৰোহিতৰ অনুপস্থিতিত বুমৰাহে দলক কেইবাবাৰো নেতৃত্ব দিছে। তেওঁ দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে।
একেদৰে কে এল ৰাহুলৰ নামো চৰ্চালৈ আহিছে। তেঁৱো অধিনায়ক পদৰ বাবে অন্যতম দাবীদাৰ। ইংলেণ্ডৰ উপৰি স্থায়ী অধিনায়ক হিচাপে কে এল ৰাহুল বাচনি হ’লেও একো আচৰিত হ’ব লগা নাই। ইফালে চৰ্চাত আছে আন দুগৰাকী খেলুৱৈ শুভমন গীল আৰু ঋষভ পণ্ট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us