/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e2b581f1-2ea5-4b46-baad-1f19599e21c9/nogaon_dc_office_21.jpg)
nogaon dc office
ডিজিটেল সংবাদ নগাঁও : নগাঁও উপায়ুক্ত কাৰ্যালয়ত হাহাকাৰ ৷ এক নিৰ্দেশে হাহাকাৰ লগাইছে উপায়ুক্ত কাৰ্যালয়ত ৷ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহৰ এক নিৰ্দেশে খলকনি তুলিছে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ মাজত ৷
মঙ্গলবাৰে জিলা উপায়ুক্তই জাৰি কৰা এক নিৰ্দেশ মৰ্ম্মে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত ৭১ জনকৈ কৰ্মচাৰীক বদলি কৰা হৈছে ৷ নগাঁও প্ৰশাসনিক জিলা হিচাপে ৭১ জনকৈ কৰ্মচাৰীক কৰা ৰ’দ বদল এক ইতিহাস হিচাপে পৰিগনিত হৈছে ৷ পূৰ্বতে এনে ৰ’দ বদলৰ নজিৰ নাই নগাঁও উপায়ুক্ত কাৰ্যালয়ত ৷
২০০৬ চনত আই এ এছ বিষয়া জে বালাজীৰ কাৰ্যকালত একেলগে প্ৰায় ২০ জন কৰ্মচাৰীক বদলি কৰা হৈছিল ৷ ২০১০ চনত আই এ এছ বিষয়া এম অংগমুথুৰ কাৰ্যকালত প্ৰায় ২৮ জন কৰ্মচাৰীক একেলগে বদলি কৰা হৈছিল ৷ এই দুই বদলিৰ নিৰ্দেশ আছিল উপায়ুক্ত কাৰ্যালয়ত একেলগে হোৱা বৃহৎ কৰ্মচাৰীৰ ৰ’দ বদল ৷
আই এ এছ বিষয়া জে বালাজী আৰু এম অংগমুথুৰ দিনত হোৱা এই বদলিক চেৰ পেলাই আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ স্বাহে মঙ্গলবাৰে জাৰি কৰা ৭১ জনীয়া কৰ্মচাৰীৰ বদলিৰ নিৰ্দেশে ইতিহাস ৰচনা কৰে ৷ সুদীৰ্ঘ ১২ বছৰৰ পিছত কাৰ্যালয়টোত কৰ্মৰত গৰিষ্ঠ সংখ্যক কৰ্মচাৰীক বদলি কৰাৰ পিছত এতিয়া উপায়ুক্ত কাৰ্যালয়ৰ কোঠাই কোঠাই লাগিছে হাহাকাৰ ৷
সুদীৰ্ঘ বছৰ এখন টেবুলত একেটা শাখাত কাম কৰি থকা কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধি আৰু সংস্কাৰ সাধন কৰাৰ অৰ্থে উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ৷ লগতে বিগত সময়ত উপায়ুক্ত কাৰ্যালয়ত ৰাজপত্ৰিত বিষয়াৰ পৃষ্ঠপোষকতাত দালালৰাজ চলাৰ বাবে সাধাৰন লোকৰ হাৰাশাস্তি হোৱাৰ অভিযোগত এই বৃহৎ বদলিৰ অন্যতম কাৰক ৷
ইয়াৰ বাহিৰেও দীৰ্ঘ বছৰ একে স্হানত কাম কৰি থকা দুই এক কৰ্মচাৰীয়ে জিলাখনত কাম কৰি থকা বিষয়াক অভব্য আচৰন কৰা অভিযোগো দাখিল কৰিছিল উপায়ুক্তৰ ওচৰত ৷ ৰদ বদল হোৱা ৭১ জন কৰ্মচাৰীৰ ভিতৰত আছে কনিষ্ঠ সহায়ক , জেষ্ঠ সহায়ক , চুপাৰ ভাইজাৰ ৷
অৱশ্যে ইয়াৰ বাহিৰেও দুগৰাকীমান কৰ্মচাৰীয়ে ৰদ বদলৰ তালিকাৰ পৰা নিজৰ নাম বাহিৰত ৰাখিবলৈ সক্ষম হৈছে ৷ ১৬, ১৭ বছৰকৈ একে টেবুলত কাম কৰা এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে আছে একাধিক অভিযোগো ৷
ৰদ বদলৰ তালিকা প্ৰস্তুতৰ কামত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহে নিয়োগ কৰা লোকক চতুৰ কৰ্মচাৰী কেইজনে মেনেজ কৰি নাম আঁতৰ কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ উঠিছে ৷